কিয় ৰখা হল মাৰুতী নন্দনৰ আন এটা নাম হনুমান জানি লওক

কিয় ৰখা হল মাৰুতী নন্দনৰ আন এটা নাম হনুমান জানি লওক

মাৰুতী নন্দন-অৰ্থাৎ বীৰ হনুমান মাতা অঞ্জনা আৰু কেসৰীৰ পুত্ৰ আছিল।কথা অনুসাৰে-দেৱী অঞ্জনা আৰু কেসৰীৰ বিবাহৰ বহু সময়ৰ পাছতো-সন্তানৰ প্ৰাপ্তি হোৱা নাছিল।তেতিয়া দুয়ো স্বামী-স্ত্ৰী মিলি পৱন দেৱৰ তপস্যা কৰিছিল।পৱন দেৱৰ আৰ্শীবাদত শ্ৰী হনুমানৰ জন্ম হৈছিল।

বীৰ হনুমান সৰুৰে পৰা-অধিক বলৱান,দুষ্টালি আৰু বিশাল শৰীৰৰ আছিল।বীৰ হনুমানৰ সৰু কালৰ নাম-মাৰুতী নন্দন আছিল।

এদিনাখন মাৰুতী নন্দনে-সূয্য দেৱক ফল বুলি ভাৱি-তেওঁক খাবলৈ সূয্যদেৱৰ ওচৰলৈ গল আৰু তেওঁক খাবলৈ-মাৰুতী নন্দনে নিজৰ মুখ ডাঙৰ কৰি মেলিলে।

ইন্দ্ৰদেৱে-মাৰুতী নন্দনক এনে কৰা দেখাত-ইন্দ্ৰদেৱে মাৰুতী নন্দনৰ ওপৰত নিজৰ বজ্ৰৰে প্ৰহাৰ কৰিলে।ইন্দ্ৰদেৱৰ বজ্ৰ মাৰুতী নন্দনৰ  হনুত লাগিলে। 

ইন্দ্ৰ দেৱৰ বজ্ৰ-অকমাণি মাৰুতী নন্দনক লাগিলত মাৰুতী নন্দন মূৰ্চা গল।এয়া দেখি-মাৰুতী নন্দৰ পালক পিতা পৱনদেৱ বহুত ক্ৰোধিত হল।

পৱন দেৱে নিজৰ পুত্ৰ-মাৰুতী নন্দনৰ এনে অৱস্থা দেখি-ইমান ক্ৰধিত হল যে-তেওঁ সংসাৰৰ পৱনক স্থগিত কৰি দিলে।

প্ৰাণ বায়ুৰ অবিহনে-সমস্ত পৃথিৱীৰ প্ৰাণী,সকলোৱে ত্ৰাহি ত্ৰাহি কৰিবলৈ ধৰিলে।এই সকলোবোৰ দেখা পায় ইন্দ্ৰদেৱে পৱন দেৱৰ ওচৰত ক্ষমা বিচাৰিলে আৰু মাৰুতী নন্দনক প্ৰথমৰ দৰে কৰি দিলে।সকলো দেৱতায়ে মাৰুতী নন্দনক ধেইমানে শক্তি প্ৰদান কৰিলে।

সূয্যদেৱৰ তীব্ৰ অংশ প্ৰদান কৰাৰ বাবে-শ্ৰী হনুমানৰ বুদ্ধি সম্পন্ন হল।ইন্দ্ৰদেৱৰ বজ্ৰ মাৰুতী নন্দনৰ হনুত লাগিছিল-যাৰ বাবে-মাৰুতী নন্দনৰ নাম হনুমান হল।

GTM Desk

Related