26.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

দৰিদ্ৰতা দূৰ কৰিবলৈ কাৰ্তিক পূৰ্ণিমাত কৰক এই বিশেষ উপায়

Assamese Newsদৰিদ্ৰতা দূৰ কৰিবলৈ কাৰ্তিক পূৰ্ণিমাত কৰক এই বিশেষ উপায়

কাৰ্তিক পূৰ্ণিমা দিনা সন্ধ্যা ভগৱান শ্রী বিষ্ণুয়ে মৎস্য অৱতাৰ লৈছিল। আৰু আন এটা মান্যতা অনুসৰি কাৰ্তিক পূৰ্ণিমাৰ দিনাই ভগৱান শিৱই ত্ৰিপুৰাচুৰ নামৰ এটা অসুৰক বধ কৰিছিল। সেয়ে এই পূৰ্ণিমাত দ্বীপ দান কৰাৰ পৰম্পৰা আছে।

যিদিনা চন্দ্র গ্ৰহণ হব। এই পূৰ্ণিমাৰ দিনা বিশেষ ভাৱে মা লক্ষ্মীৰ আৰাধনা কৰা হয়। মা লক্ষ্মীৰ আৰাধনা কৰিলে জীৱনত ধনৰ নাটনি নহয়। ভক্ত সকলে নদীত স্নান কৰা, যজ্ঞ কৰা, নদীত দ্বীপ দান দিয়া, আদি ধৰ্ম কৰ্ম, দান দক্ষিণা দিয়া আদি, ভগৱানৰ উপাসনা কৰা আদি, ভক্তিৰে নিয়ম পালন কৰি আহিছে। এনে নিয়ম পালন কৰিলে জীৱনত ধন্য হোৱা বুলি মনা যায়। সেইদিনা দিয়া দানে বহু পুণ্য ফল পায়।

অসমত শ্রী কৃষ্ণ, ৰাধাৰ পূজা অৰ্চনা কৰি ৰাস উৎসৱ পালন কৰা হয়। এই দিনা গায় গৰু দান কৰিলে, সম্পত্তি প্ৰাপ্ত হয় বুলি কোৱা হয়। এইদিনা ঘিউ, মিঠাতেল দান কৰিলে কষ্ট দূৰ হয় বুলি কোৱা হয়। এইদিনা ব্ৰত পালন কৰিলে বিশেষ ফল পায় আৰু মনোকামনা পূৰণ হয়। ব্ৰত কৰি ভগৱান শ্রী কৃষ্ণৰ আৰাধনা কৰিব লাগে। বছৰটোৰ ভিতৰত পৱিত্ৰ পূৰ্ণিমা হয়। কৃত্ৰিকা নক্ষত্রত চন্দ্র আৰু বৃহস্পতিৰ স্হিতি হয়। তেতিয়া মহা পূৰ্ণিমা বুলি কোৱা হয়। গতিকে এই পূৰ্ণিমাৰ দিনা সন্ধ্যা এগচি বন্তি জ্বলাব লাগে, কোনো পূণ্য স্থানত শুভ মুহুত্বত জ্বলালে শুভ ফল পায়। দান কৰাৰ শুভ সময়-৮নৱেম্বৰ সুৰ্য্যাস্ত আগলৈ আছে। এইদিনা ধৰ্ম, কৰ্ম, স্নান, দান আদি কৰিব। সেইদিনাই বছৰটোৰ শেষৰফালে চন্দ্র গ্রহণ লাগিব৷। তাতে এইবাৰ কাৰ্তিক পূৰ্ণিমাও হব। গতিকে বিশেষ বিশিষ্ট যোগ হৈছে। বৈজ্ঞানিক আৰু ধাৰ্মিক দুয়োফালৰ দৃষ্টিকোণৰ পৰা দেখা যায় যে, চন্দ্র গ্ৰহণে শুভ ফল নিদিয়ে। যিহেতু গ্রহণৰ কবলত আমাৰ মানসিক প্ৰভাৱ পৰে। সেয়ে গ্ৰহণত এনে কিছু কাম কেতিয়াও কৰিব নালাগে। যিয়ে আমাৰ জীৱনৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ধাৰ্মিক গ্ৰন্থ অনুসৰি গ্ৰহণ সমচোৱাত কোনো বস্তু ৰন্ধাটো বৰ্জনীয়। আৰু খাবও নাপায়। কিন্তু সৰু লৰা ছোৱালী, অসুস্থ লোক, গৰ্ভৱতী মহিলাই ভিতৰতে সোমাই খাব পাৰে। তুলসী গছ থাকিলে ভাল বুলি কোৱা হয়। কোৱা বস্তুত তুলসী পাত দি ৰাখিব লাগে। যিমান পাৰে নুশুৱাকে থাকিব লাগে। নুশুৱাকে থাকিলে শুভ। গৰ্ভৱতী মহিলাই বিশেষ সাৱধান লব লাগে। বাহিৰলে ওলাব নালাগে। কিবা খালেও ভিতৰতে খাব লাগে। আৰু তুলসী থকাটো বহু শুভ মনা হয়। কিয়নো তুলসীয়ে অশুভ প্ৰভাৱ দূৰ কৰে । (Religious Studies)

এই পূৰ্ণিমাত কি কি কৰিব!

এইদিনাই ভগৱান শিৱই ত্ৰিপুৰাচুৰ নামৰ অসুৰক বধ কৰিছিল আৰু দেৱতাসকলক তেওঁলোকৰ ৰাজ্য পুনৰাই ঘূৰাই দিছিল। স্বৰ্গ ৰাজ্যত দেৱৰাজ ইন্দ্ৰই পুনৰ আসনত বহি ছিল এইদিনাই। আনফালে এইদিনাই ভগৱান শ্রী বিষ্ণুয়ে মৎস্য অৱতাৰ লৈ প্ৰলয়ৰপৰা ধৰিত্ৰীক ৰক্ষা কৰিছিল। সেইবাবে এইদিনা পৃথিৱীত দেৱ দেৱালী মনা যায়। মান্যতা আছে এইদিনা গংগা ঘাটত দেৱী দেৱতাসকলে এইদিনা আহি দিপাৱলী পালন কৰিছিল। সেইবাবে এইদিনা দ্বীপ দান কৰাটো সৰ্বশ্ৰেষ্ঠ দান হিচাপে মনা যায়।

ভগৱান শ্রী বিষ্ণু আৰু মা লক্ষ্মীৰ আৰ্শীবাদ পাবলৈ, মনোকামনা পূৰণৰ বাবে কাৰ্তিক পূৰ্ণিমাৰ দিনা আপুনি বিশেষ কিছু উপায় কৰিব পাৰে। মান্যতা অনুসাৰে কাৰ্তিক পূৰ্ণিমাৰ দিনা গংগা, যমুনাত কোহ বন হাতত লৈ স্নান কৰিলে, বেমাৰৰ আজাৰৰ পৰা মুক্তি পোৱা যায়। ঘৰলৈ সুখ সৌভাগ্য আহে। যিহেতু যাঁও বুলিলেই গংগা যমুনাত স্নান কৰিবলৈ যাব নোঁৱাৰে, সেইবাবে ঘৰতে স্নান কৰা পানীত গংগা জল মিহলাই স্নান কৰিব লাগে। ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত হালধীয়া স্বস্তিক চিহ্ন বনালে মা লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্ত হয়। যদি পৱিত্ৰ নদীত দ্বীপ দান কৰিব পাৰে, তেতিয়া সকলো দেৱতাৰ আৰ্শীবাদ পোৱা যায়। ঘৰলৈ সৌভাগ্য আহে। এইদিনা তুলসী তলত সন্ধ্যা চাকি জ্বলালে, মা লক্ষ্মীৰ তৃপ্তি ঘৰলৈ ধন ধান আহে। এই পূৰ্ণিমাক ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ভগৱান শিৱৰ পূজা অৰ্চনা কৰা হয়। পূৰ্ণিমাৰ দিনা পুৱা ভাগতে, শিৱ মন্দিৰলৈ গৈ শিৱ লিংগত, গাখীৰ, মৌ, দৈ, ঘিউ আদি দি, গংগা জল দি পঞ্চামৃত বনাই শিৱ লিংগত অৰ্পণ কৰিব লাগে। গাখীৰ, মৌ, ঘীউ, দৈ, গংগা জল, এই পাঁচ বিধ মিহলাই শিৱ লিংগত অৰ্পণ কৰিলে, ভক্তৰ সকলো মনোবাঞ্চা পূৰ্ণ কৰে ভগৱান শিৱই। এই দিনা দান কৰাৰ বিশেষ বিধান আছে। এই দিনা কৰা দানে সমস্ত পাপৰ পৰা মুক্তি পায় বুলি কোৱা হয়। জন্ম কুষ্টিত চন্দ্র দশা থাকিলে, চন্দ্র দোষ থাকিলে, এইদিনা চাউল দান কৰিব লাগে। যদি কোনো দৰিদ্ৰ লোকক চাউল দান কৰে, তেতিয়া চন্দ্র দোষ খণ্ডন হব। এইদিনা কাৰো লগতে কাজিয়া পেচাল কৰিব নালাগে। এইদিনা নখ আৰু চুলিও কাটিব নালাগে। চন্দ্র দেৱক জল অৰ্পণ কৰিব লাগে। জল অৰ্পণ কৰোঁতে এই মন্ত্র ফাঁকি গাব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!