22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

মুখৰ চৰ্বি কমাবলৈ কি কি কৰিব?

Assamese Newsমুখৰ চৰ্বি কমাবলৈ কি কি কৰিব?

মুখত অতিৰিক্ত মেদ জমা হ’লে সৌন্দৰ্যৰ লগতে ব্যক্তিত্বতো প্ৰভাৱ পৰে৷ মুখ বা গালত অথবা চকুৰ তলত চৰ্বি জমা হ’লে দেখিবলৈ আপচু লাগে৷ মুখৰ চৰ্বি বৃদ্ধি পালে ব্যক্তিত্বৰ ওপৰত সকলোতকৈ বেছি প্ৰভাৱ পৰে৷ সাধাৰণতে জেনেটিকছৰ বাবেই মুখত অতিৰিক্তভাৱে মেদ জমা হয়৷ তাৰোপৰি ওজন বৃদ্ধি পালে মুখত চৰ্বি বাঢ়ি যায়৷

কিভাৱে মুখৰ চৰ্বি কমাব পৰা যায়ঃ

মুখৰ চৰ্বি কমোৱাৰ বাবে কেইবাটাও উপায় আছে৷ যত্ন ল’লে মুখৰ লগতে চকুৰ তলত জমা হোৱা চৰ্বি সহজেই কমাব পাৰি৷

[১] ওজন কমাওকঃ সাধাৰণতে ওজন বৃদ্ধি পোৱাৰ লগত চৰ্বি বৃদ্ধিৰ সম্পৰ্ক আছে৷ সেইবাবে মুখ বা চকুৰ তলত জমা হোৱা চৰ্বি কমাবৰ বাবে শৰীৰৰ ওজন কমোৱাৰ ওপৰত গুৰুত্ব দিব লাগে৷

[২] নিয়মীয়া শৰীৰচৰ্চাঃ নিয়মীয়াকৈ যিসকলে শৰীৰ চৰ্চা কৰে সেইসকল মেদবহুলতাৰ পৰা হাত সাৰি থাকে৷ ব্যায়াম কৰিলে শৰীৰৰ কেলৰি আৰু ফেট হ্ৰাস পায়৷ মেদবহুলতাৰ উপৰি ব্যায়াম কৰিলে হৃদৰোগৰ আশংকাও যথেষ্টখিনি হ্ৰাস পায়৷ সপ্তাহত তিনিৰ পৰা পাঁচবাৰ ত্ৰিছ মিনিটকৈ কাৰ্ডিঅ’ ব্যায়াম কৰিলে মুখৰ চৰ্বি দ্ৰুতগতিত কমি যায়৷

[৩] গালঃ বহি থকা অৱস্থাত গালদুখন মুখৰ ভিতৰলৈ সুমুৱাই কেইবাৰমান উঠা-নমা কৰক৷ এইদৰে দিনটোত দহবাৰমান অনুশীলন কৰিলে গালত জমা হোৱা চৰ্বি হ্ৰাস পায়৷

[৪] ভ্ৰূঃ মুখৰ মেদ হ্ৰাস কৰাৰ বাবে ভ্ৰূ দুটা দহবাৰমান উঠা-নমা কৰিব লাগে৷ এই ব্যায়াম কৰাৰ ফলত মুখত জমা হোৱা মেদ লাহে লাগে কমি যায়৷

[৫] কপালঃ আঙুলিৰে কপালৰ মাজত এক মিনিটমান মালিচ কৰিলে ভাল ফল পাব পাৰি৷

[৬] খোৱাত সাৱধানতাঃ সাধাৰণতে যিসকল লোকে মদ্যপান কৰে সেইসকলে মেদবহুলতাৰ পৰা হাত সাৰিবলৈ সুৰাপান ত্যাগ কৰিব লাগিব৷ তদুপৰি নিয়মীয়াকৈ পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব৷ চৰ্বি কমাবৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজন৷ মুখৰ চৰ্বি কমাবলৈ হ’লে আইচক্ৰিম, ক’ল্ডড্ৰিংকছ, চীপ্‌ছ জাতীয় বস্তু একেবাৰেই নাখাব৷ ময়দাৰে প্ৰস্তুত কৰা খাদ্যও গ্ৰহণ কৰা উচিত নহয়৷ এই ধৰণে নিয়ম মানি চলিলেই মুখ আৰু চকুৰ তলত জমা হোৱা অতিৰিক্ত চৰ্বিৰ পৰা হাত সাৰিব পাৰি৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!