ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ? ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…
- ভোক নলগাৰ সমস্যাত পৰিছে নেকি ?
- ভোক নলগা সমস্যাৰ বাবে লিভাৰটো জগৰীয়া নেকি ?
- ইয়াৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ…
সকলো মানুহেই ভোক নলগা সমস্যাৰ বাবে লিভাৰ বা যকৃতক জগৰীয়া কৰে । কিন্তু এই সমস্যাৰ লগত মস্তিষ্কৰ এক বিশেষ অংশ জড়িত হৈ থাকে । ইয়াক হাইপ’থেলামাছ বুলি কোৱা হয় । আমাৰ ভোক অনুভৱ হ’লে, খাদ্যনলীৰ পৰা কিছুমান স্নায়ুৰ জৰিয়তে মগজুৰ হাইপ’থেলামাছ নামৰ অংশলৈ কঢ়িয়াই লৈ যায় । ইয়াৰ লগতে এনে বহু কাৰণ থাকিব পাৰে যাৰ বাবে আমাৰ ভোক নালাগে ।
উদাহৰণস্বৰূপে অত্যধিক মানসিক চাপ, গেষ্ট্ৰাইটিছ, জণ্ডিছ, কোষ্ঠকাঠিন্য, ডায়েৰিয়া, ডিচেণ্ট্ৰী আদি ৰোগৰ বাবে ভোক নলগা লক্ষণে দেখা দিব পাৰে ।
এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ অত্যধিক তেল, মচলা, ভজা, জ্বলা পোৰা খাদ্য কমাই গ্ৰহণ কৰিলে কিছু পৰিমাণে মুক্ত হ’ব পৰা যায় ।