বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত

0 min read

সুখ আৰু দুখ মানুহৰ জীৱনলৈ অহাযোৱা কৰি থাকে আৰু তাৰ বাবে আমি সকলোৱে প্ৰস্তুত হৈ থকা প্ৰয়োজন। যেনেদৰে হাঁহি স্ফূৰ্তিৰ সময়বোৰ খুব সোনকালে পাৰ হৈ যায় ঠিক একেদৰে বেয়া সময় পাৰ কৰা সিমানেই কষ্টকৰ হৈ পৰে। আমাৰ জীৱনত কেতিয়া দুখৰ পাহাৰ ভাগি পৰে সেয়া কোনোৱে নাজানে ; কিন্তু ভগৱানে আমাক কিছু সংকেতৰ দ্বাৰা আগতীয়াকৈ জনাই দিয়ে আমাৰ ভৱিষ্যতে আহিব লগীয়া পৰিস্থিতি অনুকূল হ’বলৈ গৈ আছে নে প্ৰতিকূল হবলৈ গৈ আছে।

এই বিষয়ত ভগৱান শ্ৰীকৃষ্ণই নাৰদ মুনিক বিস্তাৰিত ভাবে জনাইছিল ; হিন্দু পৌৰাণিক গাঁথা অনুযায়ী এদিন নাৰদ মুনিয়ে যেতিয়া ভগৱান শ্ৰীকৃষ্ণক দেখা কৰিবলৈ গৈছিল তেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, ” হে পৰমেশ্বৰ ভগৱান, কৃপা কৰি মোক কওঁক যে কোনো এজন মানুহে তেওঁৰ জীৱনত ভৱিষ্যতে আহিব লগীয়া বিভিন্ন পৰিস্থিতিৰ বিষয়ে জানিব পাৰিব নেকি “? তেতিয়া পৰমেশ্বৰ ভগৱানে কৈছিল, ” হে মুনিবৰ নাৰদ , কোনো মানুহৰ ফালে আহিবলগীয়া পৰিস্থিতি তেওঁৰ পক্ষে অনুকূল নে প্ৰতিকূল হ’ব সেয়া মই কিছু সংকেতৰ দ্বাৰা পূৰ্বেই আভাস দি থাকোঁ, যাতে তেওঁলোকে উক্ত পৰিস্থিতিৰ বাবে সতৰ্ক থাকিব পাৰে, আৰু মোৰ ভক্ত সকলে সহজতে এই বিষয়ে অৱগত হৈয়ো যায় কিন্তু অজ্ঞানী ব্যক্তিসকলে এই বিষয়বোৰ বুজিবলৈ সক্ষম নহয় “। ভগৱান শ্ৰীকৃষ্ণই আৰু কৈছিল, ” হে মুনিবৰ নাৰদ, এই সংকেত সমূহ অৱশ্যেই গুৰুত্ব সহকাৰে দেখা প্ৰয়োজন, এই সংকেতৰ ওপৰতে ভবিষ্যতে আহিবলগীয়া অনেক কিছু কথা নিৰ্ভৰশীল হৈ থাকে”।

আৰু ভগৱান শ্ৰীকৃষ্ণই এটা এটাকৈ সংকেত সমূহ নাৰদ মুনিক বৰ্ণনা কৰি গৈছিল তাৰ প্রথম তো হৈছে পশু পক্ষীৰ হঠাৎ কোনো ঠাই পৰিত্যাগ কৰা। যদি এনে ঘটনা পৰিলক্ষিত হয় যে কোনো ঠাইত পশু পক্ষী ক্ৰমাগত ভাৱে হ্ৰাস হৈ গৈ আছে নাইবা সেই ঠাই ত্যাগ কৰি গৈ আছে ; আনকি সেয়া পৰিঘটনা কাৰোবাৰ বসতিপূৰ্ণ গৃহতো ঘটিছে তেন্তে সেই সংকেতৰ পৰা সেয়া বুজিব লাগিব যে সেই স্থানত কিবা ডাঙৰ দুৰ্ঘটনা ঘটিবলৈ গৈ আছে।

তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই দ্বিতীয় সংকেতৰ বিষয়ে কৈছিল যে ক্ৰমাগত বেয়া স্বপ্ন দেখি থকা। প্ৰত্যেক মানুহৰ বাবে ৰাতি টোপনিৰ সময়ত সপোন দেখা এটি সাধাৰণ পৰিঘটনা , দিনৰ সময়ত মানুহ বেছি চিন্তিত থাকিলে সেই চিন্তাৰ ফলত মানুহে ৰাতি বেয়া সপোন দেখিব পাৰে কিন্তু যদি তেনে দুঃস্বপ্ন নৈমিত্তিক দেখা যায় তেনেহলে সেয়া চিন্তাৰ বিষয়। আৰু সেয়া কেতিয়াও উপেক্ষা কৰা উচিত নহয় কিয়নো এই সংকেতৰ মাধ্যমত ভগৱানে আমাক সংকেত দিব বিচাৰে। যেতিয়াই মানুহৰ পৰিয়ালত কিবা অঘতন অথবা বিপদ নিশ্চিত হয় তেতিয়াই মানুহে বেয়া সপোন দেখিবলৈ আৰম্ভ কৰে। আৰু এনে সপোন দেখি ঠাকিলে সদায় নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰিহে টোপনি যাবলৈ পাহৰিব নালাগে।

তৃতীয় সংকেত হৈছে বিৰাল আৰু কুকুৰৰ কন্দা । যদি কোনো ঠাইত কুকুৰ আৰু মেকুৰীয়ে হঠাতে কোনো অজান কাৰণত কন্দা কটা কৰে তেনেহলে সেই পৰিঘটনাই সেই ঠাইৰ লোকৰ সন্মুখলৈ অহা বেয়া সময়ৰ সংকেত বহন কৰে। আৰু বহুজনে মেকুৰী আৰু কুকুৰে এনেদৰে কন্দা কটা কৰিলে লাঠী লৈ খেদি দিয়ে , কিন্তু সেয়া কৰা অনুচিত বৰং সেই কুকুৰ বা মেকুৰীৰ সন্মুখত কিছু খোৱা খাদ্য দিয়া অত্যন্ত লাভজনক। তেনে কৰিলে ঈশ্বৰ প্ৰসন্ন হয়।

চতুৰ্থতে , ঘৰৰ বেৰত থকা জেঠীৰ মাজত যুদ্ধ লগা । ঘৰৰ ভিতৰত জেঠীৰ অহাযোৱা হৈ থাকে , ই এক সাধাৰণ পৰিঘটনা লগতে সেই জেঠীৰ অহাযোৱাই গৃহৰ ভাল বেয়া উভয় সংকেত বহন কৰে কিন্তু যদি হঠাৎ দুটি জেঠীয়ে যুদ্ধ আৰম্ভণি কৰে আৰু জেঠী নিখোজ হৈ যায় বা কোনো এটি জেঠীৰ মৃত্যু হয় তেতিয়া বুজিব লাগিব যে সেই গৃহত পৰ অশান্তি অহাৰ সংকেত বহন কৰে ; কাৰোবাৰ সৈতে কাজিয়া পেছাল আৰু মতানৈক্য হোৱাৰ সংকেত বহন কৰিব পাৰে, সেয়ে তেনে পৰিঘটনাক কেতিয়াও সহজ ভাবে লোৱা অনুচিত। আৰু সেই সময়চোৱাত মানুহৰ বাক সংযমৰ প্ৰয়োজন থাকে।

পঞ্চমতে, গাখীৰ পৰি যোৱা অথবা গাখীৰ পুৰি যোৱা এক বেয়া সংকেত ঘৰখনৰ বাবে। বৈদিক জ্যোতিষী শাস্ত্ৰত গাখীৰক চন্দ্ৰমাৰ কাৰক বুলি কোৱা হয় আৰু চন্দ্ৰক মানুহৰ মন আৰু মস্তিষ্কৰ সৈতে যুক্ত কৰি চোৱা হয়, আনহাতে অগ্নিক মংগলৰ কাৰক মান্যতা দিয়া হয়। আৰু সেয়ে যদি গৃহত বহুবাৰ গাখীৰ উতলি পৰি যায় বা পুৰি যায় তেনেহলে সেয়া হোৱাৰ কাৰণে নিশ্চিত ভাবে গৃহত উপস্থিত বাস্তুদোষ হ’ব পাৰে। লগতে বহুসময়ত অন্য মনস্কতাৰ বাবে সেয়া হৈ থাকিব পাৰে। আৰু এয়া যদি কোনো পৰিয়ালত বাৰে বাৰে হৈ থাকে তেনে তাক অশনি সংকেত হিচাপে বিবেচনা কৰা উচিত , লগতে কোনো ডাঙৰ ৰোগ হোৱাৰ আশংকা ৰৈ যায় সেই পৰিয়ালৰ লোকৰ।

ষষ্ঠ যি বিষয় হৈছে চকুৰ পতা লৰচৰ কৰা। সমুদ্ৰ শাস্ত্ৰতো এই বিষয়ক বহুত গুৰুত্ব প্ৰদান কৰা হৈছে। কিন্তু মানুহে সেয়া সাধাৰণ কথা বুলি ভাবে যদিও সেয়া অশনি সংকেতো হ’ব পাৰে। যদি মহিলাৰ বাওঁ চকু সঘনাই লৰচৰ কৰে তেনেহলে সেয়া বৰ অশুভ সংকেত । সেয়ে কোনো কাম কাজ কৰাৰ সময়ত যদি বাওঁচকু সঘনাই লৰচৰ কৰে তেতিয়া কিছু বিশ্ৰাম লৈহে সেই কামত হাত দিয়া উচিত নহ’লে সেই কাম অসিদ্ধি হোৱাৰ আশংকা থাকিব। বিপৰীতে পুৰুষৰ ক্ষেত্ৰত বাওঁ চকু কম্পন কৰা আকৌ শুভ সংকেত ; সেয়া কোনো আৰ্থিক শ্ৰীবৃদ্ধি আৰু পদোন্নতিৰ সংকেতো হ’ব পাৰে। অন্যহাতে মহিলাৰ সোঁ চকু কম্পন কৰা শুভ সংকেত হিচাপে মান্যতা দিয়াৰ পৰিবৰ্তে পুৰুষৰ সোঁ চকু কম্পন কৰা অশুভ যাৰ ফলত শত্ৰুতা বৃদ্ধি আৰু কিবা ৰোগ হোৱাৰ আশংকা ঘনীভূত হৈ পৰিব পাৰে। আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে যদি চোৱা হয় তেন্তে কোনো মানুহৰ চকুৰ পতা বাৰ বাৰ কম্পন হৈ থাকিলে সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰী।
ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাৰ এটি শ্লোকত কৈছিল, ” যি ব্যক্তি দুখৰ সময়ত অধিক কাতৰ বা উদ্বিগ্ন নহয়, সুখৰ সময়ত আত্মহাৰা হৈ নাযায়, যিয়ে নিজৰ ক্ৰোধ – ভয় আৰু অনুৰাগক জয় কৰিব পাৰিছে , সেই ব্যক্তি প্ৰকৃত গুৰু গম্ভীৰ পুৰুষ আৰু জ্ঞানী , তেওঁৰ বাবে অনুকূল আৰু প্ৰতিকূল সময় সকলো সমান”।

You May Also Like

More From Author