ৰাষ্ট্ৰীয় চিনিয়ৰ এথলেটিকচত হিমা-অম্লানৰ শ্ৰেষ্ঠত্ব

1 min read

গুৱাহাটী ১১ জুন ২০২২- চেন্নাইত অনুষ্ঠিত হৈ থকা ৬১তম্ ৰাষ্ট্ৰীয় চিনিয়ৰ আন্ত:ৰাজ্যিক এথলেটিকচ প্ৰতিযোগিতাত আজি অসমৰ অম্লান বৰগোহাঁইয়ে পুৰুষৰ ১০০ মিটাৰ দৌৰত ১০:৪৭ চেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰে। আনহাতে মহিলাৰ ১০০ মিটাৰ দৌৰত অৰ্জুন হিমা দাসে ডুট্টি চাণ্ডক পিছত ৰাখি ১১:৪৩ চেকেণ্ডৰ ব্যৱধানেৰে সোণৰ পদক অৰ্জন কৰে। দুয়োগৰাকী খেলুৱৈৰ সাফল্যত অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে।

You May Also Like

More From Author