নগাঁৱৰ শেনছোৱাত খাদ্য নিগমৰ ট্ৰাকৰ খুন্দাত মহিলাৰ মৃত্যু,ৰাইজৰ প্ৰতিবাদ

1 min read

নিউজ ব্যুৰ’,নগাঁও,১১জুন :–নগাঁও জিলাৰ শেনছোৱাৰ ভাৰতীয় খাদ্য নিগমৰ গুদামলৈ কঢ়িওৱা ট্ৰাকৰ খুন্দাত শুক্ৰবাৰে অনুপ্ৰভা দাস নামৰ এগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱতি লয় । প্ৰাপ্ত বাতৰি মতে ধানৱী নিচান গাড়ী বিক্ৰী প্ৰতিষ্ঠানখনৰ কৰ্মচাৰী অনুপ্ৰভা দাসে কালি কাৰ্যালয়লৈ খোজকাঢ়ি আহি থকা অৱস্থাত এ এছ ০১ এ চি ৭৯৩৮ নম্বৰৰ তীব্ৰবেগী ট্ৰাক এখনে পিচফালৰ পৰা খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয় ।

পৰিয়ালৰ লোকে মহিলাগৰাকীক ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ইপিনে ঘটনাটোত কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে ভাৰতীয় খাদ্য নিগমৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম্যৰ বাবে বিগত সময়ছোৱাত অঞ্চলটোত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে । এই ক্ষেত্ৰত জিলা প্ৰশাসন-আৰক্ষী তথা খাদ্য নিগমে ৰাইজৰ আবেদনৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

আজিও ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক চালকৰ অতপালিৰ বাবেই এগৰাকী মহিলাই কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’বলগা হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰি ঘটনাৰ বাবে খাদ্য নিগমৰ লগতে ট্ৰাকৰ মালিক আৰু চালকক জগৰীয়া কৰি পৰিস্থিতি উত্তাল কৰি তোলে । পিচত নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিৱৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰি খাদ্য নিগমৰ শীৰ্ষ বিষয়াৰে আলোচনামৰ্মে মৃতকৰ পৰিয়াললৈ নগদ দহ লাখ টকাৰ আৰ্থিক সাহাৰ্য আৰু মৃতকৰ পৰিয়ালৰ এজনক ভাৰতীয় খাদ্য নিগমত স্থায়ী পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সাম কাটে প্ৰতিবাদী কাৰ্যসূচীৰ । ৪৮ বছৰীয়া মহিলাগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author