25.6 C
Assam
Friday, August 12, 2022

Featured News

Regional Committee Meet on Assam-Arunachal border dispute held in Guwahati

The Assam government is collaborating closely with...

ওদালগুৰিত ঘৰে ঘৰে তিৰংগা পতাকাৰ উদ্দেশ্যেৰে বাইক ৰেলী

এইবেলি ৭৫ তম স্বাধীনতা দিৱসটি অমৃত মহোৎসৱ...

মেঘালয়ৰ ৰাজধানী শ্বিলঙত IED বিস্ফোৰণ

Assamese Newsমেঘালয়ৰ ৰাজধানী শ্বিলঙত IED বিস্ফোৰণ

সমাগত স্বাধীনত দিৱসৰ প্ৰাক্ ক্ষণত মঙলবাৰে আবেলি এক শক্তিশালী IED বিস্ফোৰণত কঁপি উঠিল মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰ ৷ খাচী পাহাৰৰ আৰক্ষী অধীক্ষক চিলভেষ্টাৰ নংটংগাৰে জনোৱা মতে, চহৰখনৰ লাইতুমখৰা অঞ্চলৰ এক পাৰ্কিং স্থলীৰ সমীপত থকা এখন চাহৰ দোকানৰ ওচৰত এই বিস্ফোৰণটো সংঘটিত হয় ৷ বিস্ফোৰণটোত আহত হৈছে দুজনকৈ সাধাৰণ লোক ৷ আহত দুজন বৰ্তমান বিপদমুক্ত বুলি জনাইছে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, প্ৰাথমিক অনুসন্ধানত ইয়াক এটা IED বোমা বুলি সন্দেহ কৰা হৈছে ৷ বৰ্তমানলৈকে কোনো সংগঠনে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই বুলি জনাইছে আৰক্ষী বিষয়া গৰাকীয়ে ৷ বিস্ফোৰণটোৱে চাহৰ দোকানখনৰ দেৱালখন খহাই পেলাই আৰু আশে-পাশে ৰখাই থোৱা কিছুমান বাহন আংশিকভাৱে ক্ষতিগ্ৰস্ত কৰে ৷ ঘটনা সন্দৰ্ভত বৰ্তমান মেঘালয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জনাইছে আৰক্ষী গৰাকীয়ে ৷

ইয়াৰ উপৰিও যিকোনো স্থানত কিবা আপত্তি জনক সামগ্ৰী প্ৰত্যক্ষ কৰিলে আতংকিত নহৈ লগে লগে আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনাইছে মেঘালয় আৰক্ষীয়ে ৷

মন কৰিবলগীয়া পূৰ্বে অশান্ত জৰ্জৰ অঞ্চল বুলি নাম থকা খাচী পাহাৰত বিগত কেইবা বছৰ ধৰি এইধৰণৰ বিস্ফোৰণ বা কোনো কূটাঘাটমূলত ঘটনা সংঘটিত হোৱা নাছিল ৷ কিন্তু সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যখনৰ মাজমজিয়াত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ঘটনাই স্বাভাৱিকতে শংকিত কৰিছে সাধাৰণ জনতাক ৷ লগতে বিমোৰত পেলাইছে মেঘালয় আৰক্ষীক ৷ কোনে এই বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিলে সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: