fbpx
August 11, 2021

বিজেপি চৰকাৰে অসমক কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছৰ

‘‘বিজেপি চৰকাৰে অসমৰ ৰাইজক কেৱল মাত্ৰ প্ৰতাৰণা-প্ৰৱঞ্চনা কৰি আহিছে । তাৰ শেহতীয়া উদাহৰণ হিচাপে অসমৰ ছয়জনগোষ্ঠীক কৰা প্ৰতাৰণা ।’’ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

ববিতা শৰ্মাই কয়, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি অলপো গুৰুত্ব প্ৰদান নকৰা কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ১২ টা জনগোষ্ঠীক ৯ আগষ্টত অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ উদ্দেশ্যে লোকসভাত বিধেয়ক গৃহীত কৰিলে । এয়া চূড়ান্ত প্ৰতাৰণা ।

তেওঁ লগতে কয় যে, ‘‘অসমৰ স্বাভিমান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো নৰেন্দ্ৰ মোদীৰ আশীষধন্য পুঁজিপতি আদানীৰ হাতত ৫০ বছৰৰ বাবে গতাই দিয়া হ’ল । বিমান বন্দৰটোৰ নতুন নামকৰণ ‘‘আদানী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ’’ কৰি ফলক আঁৰি দিয়া হৈছে । আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু গৰিহণা দিছো ।’’

বিজেপি চৰকাৰে আদানী গ্ৰুপৰ লগত কৰা চুক্তিখনত লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ নামটো উঠাই দিব নালাগে বুলি উল্লেখ আছিল নে নাই সেই বিষয়টো ৰাজহুৱা কৰিব লাগে বুলিও দাবী তোলে কংগ্ৰেছে । এহাতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰিছে আৰু আনহাতে একে সময়তে জি এছ টিৰ জৰিয়তে ৰাজ্যখনৰ পৰা সংগ্ৰহ কৰা প্ৰাপ্য অংশৰ পৰাও বঞ্চিত কৰা পৰিলক্ষিত হৈছে । অসমে জি এছ টিৰ অংশ হিচাপে পাব লগীয়া মুঠ ১,৬২৩কোটি টকা এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই বুলিও অভিযোগ তোলে ববিতা শৰ্মাই ।

আনহাতে, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত সকলোৰে বাবে ঘৰ আঁচনিৰ ক্ষেত্ৰতো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত অসমত ৮,৮১,৮৩৩ টা ঘৰ নিৰ্মাণৰ লক্ষ্যৰ বিপৰীতে ৫০ শতাংশ কামো সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই বিজেপি চৰকাৰ । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সৰ্ব দিশত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি দাবী কৰে ববিতা শৰ্মাই ৷

চৰকাৰখনে সংবাদ মাধ্যমক লক্ষ্য কৰি লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘‘ইয়াৰ শেহতীয়া উদাহৰণ অসমৰ এটা web portal ৰ ওপৰত চলোৱা ভিত্তিহীন গোচৰ । এই ক্ষেত্ৰত চৰকাৰে জনসংযোগ বিভাগ তথা আৰক্ষী প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা সকলৰ প্ৰতি ভাবুকি আনিছে । চৰকাৰৰ এই কাৰ্যক আমি প্ৰদেশ কংগ্ৰেছে ধিক্কাৰ জনাইছো । সংবিধান প্ৰদত্ত বাক স্বাধীনতা খৰ্ব কৰিছে চৰকাৰে’’ ৷

সীমা বিবাদৰ প্ৰসংগত তেওঁ কয় যে, ‘‘অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা বিবাদ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সমূহৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছো । অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সীমা বিবাদ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল । সেয়া ভাল কথা যদিও আলোচনাত লোৱা সিদ্ধান্ত সম্পৰ্কে অসম বিধানসভাৰ যোগেদি অসমৰ ৰাইজক জনোৱা উচিত আছিল’’ ৷

বিধানসভাৰ মজিয়াত এই বিষয়ৰ ওপৰত আলোচনা বিচাৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনুৰোধ জনাইছিল । তাৰ পিছতো এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ পৰা সঠিক উত্তৰ পোৱা নগ’ল বুলি উল্লেখ কৰে ববিতা শৰ্মাই ৷ মঙলবাৰৰ এই সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

error: Content is protected !!
%d bloggers like this: