7 মাহৰ পাচত পোহৰলৈ আহিছে এটা জঘন্য ধৰ্ষণৰ ঘটনা

1 min read

সাত মাহ পূৰ্বেই সংঘটিত হোৱা এক নাৰকীয় কাণ্ড ৷ ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চিমেন কৈৱৰ্ত গাঁৱত সংঘটিত হৈছিল এই ঘটনা ৷ এজন চাৰি সন্তানৰ পিতৃৰ কামনাৰ বলি হৈছিল এগৰাকী 14 বছৰীয়া নাবালিকা ৷ সেই সময়ত উক্ত ঘটনাক গাপ দিয়া হৈছিল যদিও বৰ্তমান সময়ত পোহৰলৈ আহিছে সমষ্ট ঘটনা ৷

ধৰ্ষণৰ পাচত এই কথা কাকো জনোৱা নাছিল কিশোৰীগৰাকীয়ে ৷ কিন্তু এতিয়া সকলোৱেই জানিব পাৰিছে এই জঘন্য ঘটনাটোৰ কথা ৷ কাৰণ কিশোৰী গৰাকী এতিয়া অন্তঃসত্বা ৷

আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে কেনেকৈ সংঘটিত হৈছিল এই ঘটনা ৷ তাৰ বাবে উভতি যাব লাগিবল সাত মাহ আগলৈ ৷

চিমেন কৈৱৰ্ত গাঁৱৰ সৰু দাস ওৰফে গজেনে 7 মাহ পূৰ্বেই একেখন গাঁৱৰে এগৰাকী পিতৃহীনা নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত প্ৰলোভন আৰু ভয় ভাবুকিৰে কৰিছিল বলাৎকাৰ ৷ ধৰ্ষণকাৰী সৰু দাসে নাবালিকা গৰাকীক বলাৎকাৰৰ কথা আনক ক’লে প্ৰাণে মাৰি চিমেন নদীত উটুৱাই দিয়াৰো ভাবুকি প্ৰদান কৰিছিল ৷ যাৰ বাবে ভুক্তভোগী নাবালিকা গৰাকীয়ে প্ৰাণৰ মমতাত লুকুৱাই ৰাখিছিল সকলো কথা ৷

কিন্তু যোৱা কেইদিনমানৰ পৰা নাবালিকা গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু লক্ষণবোৰ আচহুৱা যেন প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ লোকে বহুবাৰ সোধপোচ কৰাৰ অন্তত অৱশেষত মুখ খুলিলে ধৰ্ষিতা নাবালিকা গৰাকীয়ে ৷ মাকক বিৱৰি ক’লে সৰু দাস ওৰফে গজেনে সংঘটিত কৰা অপকৰ্মৰ কথা ৷

ভুক্তভোগী গৰাকীয়ে সমগ্ৰ ঘটনা সকলো বিৱৰি কোৱাৰ পাছতে পৰিয়ালৰ লোকে সৰু দাসৰ বিৰুদ্ধে চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত সোমবাৰে কৈৱৰ্ত গাঁৱৰ নিজ বাসগৃহৰ পৰা অভিযুক্ত সৰু দাসক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে শিশু সুৰক্ষা আইনৰ অধীনত 40/2021,376/506 IPC R/w Sec 6 of POCSO ধাৰাত গোচৰ ৰুজু কৰিছে ৷

নিজৰ অপকৰ্মৰ বাবে বুধবাৰৰ পৰা ৰঙা ঘৰৰ ভাত খাব লাগিব চিমেন কৈৱৰ্ত গাঁৱৰ নিবাসী চাৰি সন্তানৰ পিতৃ সৰু দাসে ৷

You May Also Like

More From Author