নগাঁৱৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

নগাঁৱৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন

নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী উন্নয়ন খণ্ডৰ শিঙিমাৰী পঞ্চায়তৰ পঞ্চায়ত গৃহ শুভ উদ্বোধন আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চায়ত গৃহটি শুভ উদ্বোধন কৰে ৰহা বিধান সভা সমষ্টিৰ বিধায়ক শশী কান্তু দাসে । লগতে বিধায়কগৰাকীয়ে ৰজাগাঁৱৰ মাজমজিয়াত এটি সাংস্কৃতিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে শিঙিমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহটো ২০২১-২২বৰ্ষৰ ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ যোজনাৰ অধীনত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । আনহাতে পঞ্চদশ বিত্তীয় আয়োগৰ ২০২২- -২৩ বৰ্ষৰ আবণ্টিত পুঁজিৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ৪ লাখ ৫২ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া শিঙিমাৰী গাঁও পঞ্চায়তৰ ১নং এই সাংস্কৃতিক প্ৰকল্পটো নিৰ্মাণ কৰা হ’ব । উল্লেখ্য যে পঞ্চায়তৰ সচিব ৰুহিনী তামুলীয়ে আঁত ধৰা সভাখনত নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অনন্তু গগৈ,কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া চুইটা শৰ্মা, পঞ্চায়ত খনৰ সভাপতি শিৱাংক ভৌমিক,গৰুবাট মণ্ডল বিজেপিৰ সভাপতি শান্তিৰাম বৰা,জিলা পৰিষদৰ সহঃ কাৰ্যবাহী অভিজিৎ চক্ৰৱৰ্তী আদি উপস্থিত থাকে । ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related