অসম আৰক্ষীত আন এক নতুন সংযোজন :একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি

0 min read

অসম আৰক্ষীত আন এক নতুন সংযোজন।৩ কোটিকৈ টকা ব্যয় সাপেক্ষে ৰাজ্যৰ প্ৰতিখন থানাতে বিশেষ চাইবাৰ কিটৰ ব্যৱস্থা কৰা হৈছে৷প্ৰথম পৰ্যায়ত গুৱাহাটীৰ প্ৰতিখন থানাত চাইবাৰ কিট দিয়া হ’ব৷

এই কিটৰ জড়িয়তে থানাতে চাইবাৰ অপৰাধৰ তদন্ত কৰিব পাৰিব৷

আজিৰে পৰা গুৱাহাটী আৰক্ষীৰ চাইবাৰ কিটৰ প্ৰশিক্ষণ আৰম্ভ হ’ব৷ প্ৰতিজন আৰক্ষীক চিআইডিৰ কাৰ্যালয়ত চাইবাৰ কিটৰ প্ৰশিক্ষণ দিয়া হ’ব৷

ইয়াৰ সমান্তৰালকৈ আজিৰে পৰা আৰম্ভ হ’ব চাইবাৰ ফৰেনচিক লেব৷চিআইডিৰ কাৰ্যালয়তে চাইবাৰ ফৰেনচিক লেবটো স্থাপন কৰা হৈছে৷
ইফালে আৰক্ষীৰ বাবে ড্ৰাগ ডিটেকচন কিটৰো ব্যৱস্থা কৰা হৈছে৷

ডিটেকচন কিটৰ সহায়ত ঘটনাস্থলীতে আৰক্ষীয়ে পৰীক্ষা কৰিব পাৰিব জব্দকৃত ড্ৰাগছ৷উল্লেখযােগ্য যে,আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিব চাইবাৰ ফৰেনচিক লেব৷এই চাইবাৰ কিটৰ ব্যৱস্থা একশ্ৰেণীৰ বিশেষ অপৰাধীৰ বাবে হৈ পৰিব পাৰে মূৰৰ কামোৰণি।

You May Also Like

More From Author