ৰাজকোষ দুৰ্বল: জুলাইলৈকে বন্ধ থাকিব চিলিং

1 min read

দিছপুৰত ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে নিত্য নতুন আঁচনি ঘোষণা কৰি ৰাইজক আকৃষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু চৰকাৰে এই ক্ষেত্ৰত যিমানেই চেষ্টা নকৰক কিয়, বাস্তৱ ছবিখন কিন্তু মুঠেও তেনেকুৱা নহয় । ৰাজকোষৰ অৱস্থা এই সময়ত মুঠেও সন্তোষজনক নহয় । নতুন বিত্ত মন্ত্ৰী অজন্তা নেওগে এই দুৰ্বল ৰাজকোষ টনকিয়াল কৰিবলৈ কি কৌশল অৱলম্বন কৰে, সেয়া প্ৰতিফলিত হ’ব জুলাই মাহত তেওঁ দাখিল কৰিবলগীয়া পূৰ্ণাংগ বাজেটতহে ।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বিত্তীয় নাটনিৰ বাবেই জুলাই মাহলৈকে ৰাজ্যৰ বিত্ত বিভাগে সকলো ধৰণৰ চিলিং বন্ধ ৰাখিছে । বিত্ত বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, কেৱল চৰকাৰৰ দৈনন্দিন প্ৰশাসনিক কাম-কাজ আৰু কৰ্মচাৰীৰ দৰমহাৰ বাহিৰে আন কোনো কামৰ বাবে ধন মোকলাই দিয়া বা চিলিং প্ৰদান কৰা সদ্যহতে চৰকাৰে বন্ধ ৰাখিছে । সম্পূৰ্ণ জুলাই মাহটো এইদৰে বন্ধ ৰখা হব চিলিং । নক’লেও চলে যে, একমাত্ৰ চৰকাৰখনৰ বিত্তীয় সংকটে হৈছে চিলিং বন্ধ ৰখাৰ একমাত্ৰ কাৰণ ৷

সূত্ৰটোৱে প্ৰকাশ কৰা মতে, জুলাই মাহ পৰ্যন্ত কোনো ঠিকাদাৰৰ বিল মোকলাই দিয়া নহ’ব । কোনো ধৰণৰ উন্নয়নমূলক কামৰ বাবেও এই সময়চোৱাত পুঁজি মোকলাই দিয়া নহ’ব । জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া নতুন চৰকাৰখনৰ প্ৰথমখন বাজেট অধিবেশনত ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছতহে পুনৰ চিলিং খুলি দিয়াৰ চিন্তা কৰিব ৰাজ্যৰ বিত্ত বিভাগে ।

You May Also Like

More From Author