চৰকাৰী চাকৰিয়াল–নিবনুৱা কেবিনেটৰ সুখবৰঃ ‘স্বাস্থ্য’ৰ ৮,৮৫৫ পদত নিযুক্তি ২৮ শতাংশলৈ বাঢ়িল কর্মচাৰীৰ ডিএ

0 min read

 ৰাজ্যৰ নিবনুৱা আৰু চৰকাৰী চাকৰিয়ালসকলৰ বাবে সুখবৰ আনিছে ৰাজ্যিক কেবিনেটে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে ১ লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি প্রদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ ৮,৮৫৫টা পদত নিযুক্তি দিয়াৰ বাবে অনুমোদন জনায়৷ এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে চিকিৎসক, নার্ছ, পেৰামেডিকেল কর্মচাৰী, বিভিন্ন কাৰিকৰী পদত হ’বলগীয়া সেই নিযুক্তি প্রক্রিয়া অহা ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব৷

আনহাতে, বিত্তমন্ত্রী অজন্তা নেওগ আৰু জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই ১ লাখ নিবনুৱাক চৰকাৰী চাকৰিৰ নিযুক্তি প্রসংগত কয় যে এতিয়ালৈ কেবিনেটে সেই ১ লাখ চাকৰিৰ ভিতৰত ৫২,৫০০টা পদত নিযুক্তিৰ বাবে অনুমোদন জনাইছে৷ ইয়াতে ২২ হাজাৰ শিক্ষা, ২২ হাজাৰ আৰক্ষী আৰু ৮ হাজাৰ স্বাস্থ্য বিভাগৰ পদ৷ এই বিভাগকেইটাৰ নিযুক্তি প্রক্রিয়া অহা ছেপ্ঢেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব৷ সেইদৰে নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে ৰাজ্যখনৰ প্রতিটো সমষ্টিৰ পৰা ৫০গৰাকীকৈ যুৱক–যুৱতীক গাড়ীচালনাৰ প্রশিক্ষণ প্রদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ মুঠ ৬,৬০০গৰাকী যুৱক–যুৱতীক এই ৪৫ দিনীয়া প্রশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্র প্রদান কৰিব৷ তদুপৰি প্রশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্রীবাহী বাহন ক্রয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্রদান কৰিব৷

ইফালে এই কেবিনেটে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলক উপহাৰ আগবঢ়াইছে৷ ৰাজ্য চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ বর্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ বাবে  কেবিনেটে অনুমোদন জনায়৷ এই বৃদ্ধি ২০২১ চনৰ ১ জুলাইৰ পৰা কার্যকৰী হ’ব৷ বিত্তমন্ত্রী অজন্তা নেওগে প্রকাশ কৰা অনুসৰি, ৰাজ্যিক কর্মচাৰীক বর্ধিত ১১ শতাংশ মৰগীয়া বানচ দিয়াৰ বাবদ চৰকাৰৰ মাহে ২০০ কোটি টকা অতিৰিক্ত ব্যয় হ’ব৷ সেইদৰে পেন্সনাৰসকলৰ বাবে মাহে ১৪০ কোটি আৰু পৰিয়াল পেন্সনাৰসকলৰ বাবে মাহে ৫৫ কোটি টকা ব্যয় হ’ব৷ সেইদৰে ক’ভিড অতিমাৰীৰ পৰিপ্রেক্ষিতত ২০২০ চনৰ ২০ মার্চৰ আগতে ছুটীত থকা যিসকল কর্মচাৰী কর্মস্থলীৰ বাহিৰত থকাৰ বাবে কর্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷ ইপিনে, ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা লালুং শব্দটোৰ স্থানত তিৱা শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনোৱাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে৷

You May Also Like

More From Author