শোকাৱহ ঘটনা, কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্য়ু ছাত্ৰীৰ

শোকাৱহ ঘটনা, কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্য়ু ছাত্ৰীৰ

পাঠশালাৰ কৃষ্ণনগৰত শোকাৱহ ঘটনা। পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি এগৰাকী ছাত্ৰীৰ মৃত্যু।

মৃত ছাত্ৰীগৰাকীৰ নাম ৰিশিতা দাস বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ ঘৰ বজালীৰ বাঘমাৰাত।

ছাত্ৰীগৰাকী পাঠশালা কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল।

কাপোৰ মেলি দিবলৈ গৈ ছাঁদৰ পৰা পৰি মৃত্যু হয় ছাত্ৰীগৰাকীৰ। পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰীৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল।

 

GTM Desk