22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

৩ ভগ্নীলৈ নৈশ যাপনৰ প্রস্তাৱ দি বিতর্কত ফুটবলাৰ নেইমাৰ 

Assamese News৩ ভগ্নীলৈ নৈশ যাপনৰ প্রস্তাৱ দি বিতর্কত ফুটবলাৰ নেইমাৰ 
খেলপথাৰৰ বাহিৰতো হেটট্রিক কৰিব বিচাৰিছে ব্রাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে৷ তিনিগৰাকী ভগ্নীক নৈশ যাপনৰ প্রস্তাৱ আগবঢ়াই বিতর্কৰ মাজত সোমাই পৰিছে নেইমাৰ৷ এবাৰ নহয়, বাৰে বাৰে তিনিওগৰাকী ভগ্নীক একেই প্রস্তাৱ আগবঢ়াইছিল ব্রাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে৷
শেহতীয়াভাৱে নেইমাৰৰ এই ঘটনা পোহৰলৈ অহাত বিশ্ব ফুটবলত খলকনিৰ সৃষ্টি হৈছে৷ নেইমাৰৰ বিৰুদ্ধে এই অভিযোগ আনিছে ব্রাজিলৰ জনপ্রিয় মডেল কী আলভেছে৷ ব্রাজিলৰ এখন বাতৰিকাকতত মডেলগৰাকীৰ এই অভিযোগ প্রকাশ পোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হৈছে৷
মডেল আলভেছে কয় যে নেইমাৰে তেওঁৰ লগতে তেওঁৰ যমজ  ভগ্নীৰ সৈতেও যৌন সম্পর্ক স্থাপন কৰিব বিচাৰিছে৷ পেৰিছ ছেইণ্ট জার্মেইনৰ হৈ খেলি থকাৰ সময়তে নেইমাৰে তেওঁৰ সৈতে যোগাযোগ কৰিছিল৷ যিহেতু দুয়ো একেখন দেশৰ, গতিকে দুয়োৰে মাজত কথা–বতৰা চলি আছিল৷ কেইদিনমান কথা–বতৰা হোৱাৰ পিছত ব্রাজিলৰ তাৰকা ফুটবলাৰগৰাকীয়ে তেওঁক যৌন সম্পর্কৰ প্রস্তাৱ আগবঢ়ায়৷
 অৱশ্যে নেইমাৰৰ সেই কথাত তেওঁ মান্তি হোৱা নাছিল৷ নেইমাৰে ইয়াতে ক্ষান্ত থকা নাছিল৷ ফুটবলাৰগৰাকীয়ে তেওঁৰ যমজ ভগ্নীৰ সৈতেও যোগাযোগ ৰাখিছিল৷ তেওঁলোকৰ সৈতেও কিছুদিন কথা পতাৰ পিছত নেইমাৰে যমজ ভগ্নীলৈও যৌন সম্পর্কৰ প্রস্তাৱ দিছিল৷ ব্রাজিলৰ মডেলগৰাকীয়ে কয় যে তেওঁ তেওঁৰ ভগ্নীৰ সৈতে নেইমাৰৰ সম্পর্কৰ কথা জনা নাছিল৷ কিন্তু এদিন ফোনত কথা–বতৰা হৈ থকাৰ সময়ত নেইমাৰৰ বিষয়টো চর্চালৈ আহে৷ তেতিয়া তেওঁ সকলো কথা গম পায়৷ অৱশ্যে আলভেছৰ লগতে তেওঁৰ যমজ ভগ্নীয়েও নেইমাৰৰ উক্ত প্রস্তাৱক প্রত্যাখ্যান কৰিছিল৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!