ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই, এইবাৰ বিহু হ’ব

0 min read

 দেশৰ ভিন্ন প্রান্তত ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৱে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমতো ক’ভিডকেন্দ্রিক পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনাক লৈ শংকাত কটাইছে ৰাজ্যবাসী৷ বিগত বর্ষৰ দৰে এইবাৰো ক’ৰোনাই হেঁপাহৰ বিহু অনুষ্ঠিত কৰাত বাধা দিয়াৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ নির্বাচনৰ পাছতে পুনৰ ক’ৰোনা পৰিৱেশক লৈ ভীতিগ্রস্ত হৈ থকা ৰাজ্যবাসীক আজি আশ্বস্ত কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীৰ স্পষ্ট মত–এইবাৰ উদ্যাপিত হ’ব ৰঙালী বিহু৷ আজি আমিনগাঁৱত ভোটদান কৰিবলৈ উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে ক’ভিডকেন্দ্রিক পৰিৱেশক নস্যাৎ কৰি কয়– এইবাৰ বিহু হ’বই৷ শিল্পীসকলৰ আর্থিক অৱস্থা যথেষ্ট বেয়া৷ শিল্পীসকলক লৈ এইবাৰ বিহু উদ্যাপিত কৰিব পাৰিব ৰাইজে৷ লকডাউনৰ কোনো সম্ভাৱনা নাই৷ ৰাজ্যত যি ক’ৰোনা আক্রান্ত চিনাক্ত হৈছে, সেয়া বহিঃৰাজ্যৰ পৰা অহা৷

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্রান্তত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ লকডাউন বলৱৎ হ’ব বুলি চর্চা চলি আছে৷ এনে চর্চাক নস্যাৎ কৰি মন্ত্রী ড০ শর্মাই কয়– বিগত বর্ষত অসমৰ পৰিস্থিতি যেতিয়া অধিক স্পর্শকাতৰ হৈ আছিল, প্রতিদিনেই ৩,৫০০গৰাকী লোক আক্রান্ত হৈছিল৷ তেতিয়াও লকডাউন দিয়া হোৱা নাছিল৷ এতিয়া প্রতিদিনে ৬০জন লোকহে আক্রান্ত হৈ আছে৷ ইয়াৰে ৩৫জন আক্রান্ত চিনাক্ত হৈছে বিমানবন্দৰ অথবা ৰে’ল ষ্টেচনত৷ ক’ৰোনাৰ বৃদ্ধিৰ বিষয়টোক লৈ মই বিশেষ চিন্তা কৰা নাই৷ কাৰণ বিটিচি ইলেকচনৰ পৰা দুর্গাপূজা, হোলী আদিকে কৰি কেইবাটাও উৎসৱ আমি পাৰ কৰিলোঁ৷ কিন্তু ক’ৰোনাৰ সংক্রমণ ধৰা পৰা নাই৷ ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত যাত্রীৰ আপত্তি সত্ত্বেও কঠোৰভাৱে ক’ভিড পৰীক্ষা অব্যাহত ৰখা হৈছে৷ এই পৰীক্ষা চলি থাকিলে মই ভাবোঁ ৰাজ্যত আক্রান্তৰ সংখ্যা চিন্তাজনকভাৱে বৃদ্ধি নাপায়৷ গতিকে ক’ৰোনাক লৈ ভীতিগ্রস্ত হোৱাৰ প্রয়োজন নাই৷ উল্লেখ্য যে ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা অনুসৰি কালিৰ দিনটোত ৭০জন লোকক পজিটিভ ৰূপে চিনাক্ত কৰা হৈছে৷ ইয়াকে লৈ ৰাজ্যত ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ৬২৭গৰাকী লোক৷

You May Also Like

More From Author