fbpx
April 5, 2021

প্রণৱ গগৈৰ মুখেৰে গা শিয়ৰি উঠা আলফাৰ জিম্মাত থকা ২,৪৯৬ ঘণ্টা

‘কাহ পৰি জীণ যোৱা জয়াল নিশা৷ অচিনাকি চৰাইৰ মাজনিশাৰ বিননিয়ে আপোন পৰিয়ালটোৰ মানুহবোৰৰ মুখবোৰ চকুৰ সন্মুখলৈ টানি আনে৷ জোনাকী পৰুৱাই বাট দেখুৱাই নিয়া মুহূর্তটোত মনলৈ আনি দিয়ে ওপজা ঠাইখনৰ কথা৷ ওলাই অহা কান্দোনক জোৰ কৰি বন্ধ কৰি ৰাখো৷ কাৰণ এতিয়া চিঞৰি চিঞৰি কান্দিলেও সান্ত্বনা দিওঁতা কোনো নাই৷ নিজক নিজে সান্ত্বনা দিওঁ৷ সন্মুখত মৃত্যু ৰৈ আছে বুলি জানিও আগুৱাই গৈ আছোঁ৷ –জীৱনৰ সকলো আশা নেদেখাজনৰ হাতত সপি এক অনিশ্চিত ভৱিষ্যতৰ দিশে দুর্গম অৰণ্যত বন্দিত্বৰ জীৱন পাৰ কৰা এজন দুর্ভগীয়াৰ অকপট স্বীকাৰোক্তি এয়া৷

মাত্র চৌব্বিশ ঘণ্টা পূর্বে মানুহজনে লাভ কৰিলে এক নতুন জীৱন৷ অসমবাসীৰ লগতে পৰিয়ালবর্গৰ মাজলৈ সুদীর্ঘ তিনিটা মাহ চৈধ্য দিন পাছত ঘূৰি অহা মানুহজনৰ নাম প্রণৱ কুমাৰ গগৈ৷ অৰুণাচল প্রদেশৰ ডায়ুমত কুইপ’ নামৰ এটা তৈল খনন প্রতিষ্ঠানত নিয়োজিত হৈ থকাৰ সময়তেই দাবীকেন্দ্রিক এক বিতর্কৰ পৰিপ্রেক্ষিতত বিগত বর্ষৰ ২১ ডিচেম্বৰৰ সন্ধিয়া আলফা স্বাধীন আৰু এন এছ চি এন গেৰিলাৰ এটা যৌথ দলে অপহৰণ কৰি নিছিল প্রণৱ গগৈৰ লগতে বিহাৰৰ ৰাম কুমাৰ নামৰ কর্মচাৰীজনক৷

অসমবাসীৰ কাতৰ আহ্বান, মধ্যস্থতাকাৰী কৌশিক ফুকনৰ প্রচেষ্টাত পৰিয়ালৰ মাজলৈ উভতি অহা প্রণৱ গগৈয়ে ১০৪টা দিনৰ অজ্ঞাতবাসৰ অন্তত পাৰ কৰিলে পিতৃ–মাতৃ, পুত্র–কন্যা, পত্নীৰ মাজত দ্বিতায়টো নিশা৷ পুৱাৰে পৰা উপবাস পালন কৰা প্রণৱ গগৈৰ শিৱসাগৰৰ হাবিৰামবৰা পথৰবাসগৃহটোত কালি পুৱাৰে পৰা আত্মীয়–স্বজনৰ ভিৰ৷

ইয়াৰ মাজতেই পত্নীক কাষত বহুৱাই গগৈয়ে কৈ গ’ল ১০৪ দিনীয়া বন্দী জীৱনৰ কেতবোৰ ভয় লগা, গাৰ নোম শিয়ৰি উঠা কথা৷

একৈশ ডিচেম্বৰৰ সন্ধিয়া ৬ বাজি ২০ মিনিট৷ সেই সময়তেই হঠাৎ প্রতিষ্ঠানটোৰ চৌহদত আৱির্ভাৱ ঘটা ৭জনীয়া এটা সশস্ত্র বিদ্রোহীৰ দলে মোক আৰু ৰাম কুমাৰক মৃত্যুৰ ভাবুকিৰে অপহৰণ কৰি নিছিল৷ কুইপ’ৰ আভ্যন্তৰীণ বিষয় আৰু বিদ্রোহী সংগঠনৰ সৈতে থকা সংঘাতৰ কথা আমাৰ জ্ঞাত নাছিল৷

পকেটত থকা ম’বাইল ফোনটো সংগঠনটোৰ অস্ত্রধাৰী কেডাৰৰ হাতত চমজাই আৰম্ভ কৰিছিলোঁ এক অনিশ্চিত যাত্রা৷ ডিচেম্বৰ মাহৰ কুঁৱলী ফালি চাৰিওকাষে থকা ৭জনীয়া মাৰণাস্ত্রধাৰী সংগঠনটোৰ কেডাৰৰ নির্দেশত আন্ধাৰ ফালি আগুৱাইছিলোঁ৷ কাৰোৰেই মুখত কোনো মাত–বোল নাই৷ কেৱল বুট জোতাৰ গিৰিপ–গাৰাপ শব্দ৷

ৰাম কুমাৰ আৰু মোৰ শৰীৰত প্রতিষ্ঠানটোৰ সাজ৷ আন্ধাৰ ফালি প্রথমতে বাগান আৰু তাৰ পাছত ওখোৰা–মোখোৰা পাহাৰৰ লুংলুঙীয়া বাট৷ ৰ’বলৈ সময় নাই৷ এটাই নির্দেশ আগুৱাই থাকক৷ পৃথিৱীৰ সকলো জীয়াই থকাৰ আশা এৰি কেৱল আন্ধাৰতেই বুট জোতাৰ শব্দক অনুসৰণ কৰি আগুৱাই গৈছোঁ৷ পেটত ভোক, পিয়াসৰ তাগিদা৷ মাজে মাজে মই নিজেই নিজৰ বুকুৰ ধিপ ধিপনি শুনিবলৈ বিচাৰিছোঁ৷

ৰাম কুমাৰৰো সেই একেই অৱস্থা৷ মাজে মাজে ওখ ওখ প্রকাণ্ড গছবোৰৰ মাজে মাজে বিৰিঙি অহা জোনৰ চেৰেঙা পোহৰত দেখিছো ৰাম কুমাৰৰ ভয়ার্ত মুখৰ অস্পষ্ট ছবি৷ তথাপি আগুৱাই গৈ আছো। অন্তহীন এক যাত্রা৷ ডিচেম্বৰ মাহৰ হাড় কঁপোৱা জাৰতো মই আৰু ৰাম কুমাৰ ঘামিছিলোঁ৷ কিন্তু আমাক পণবন্দী কৰি নিয়া কেডাৰকেইজন ঘামিছিলনে নাই আমি জনা নাছিলোঁ৷

মাজে মাজে ইখন কান্ধৰ পৰা সিখন কান্ধলৈ উন্মুক্ত মাৰণাস্ত্রটো নিয়া প্রত্যক্ষ কৰিছিলোঁ৷ তীব্র গতিত পাহাৰৰ সেউজীয়া হাবি–জংঘল ফালি আগুৱাই আগুৱাই এটা সময়ত ভাগৰি পৰিছিলোঁ৷ হয়তো কেডাৰকেইজনো ভাগৰি পৰিছিল৷ পুৱতিনিশা এটা অঞ্চলত তির্পাল পাৰি আমাক সযতনে শুবলৈ দিছিল৷ খাবলৈ দিছিল অকণমান পানী৷

চিকিমিকি পোহৰৰ সময়ৰ পৰাই আৰম্ভ কৰিছিল দিনটোৰ বাবে আহাৰ তৈয়াৰৰ প্রস্তুতি৷ পিঠিত ওলমাই অনা প্রায় ৩০ কেজি ওজনৰ বেগটোৰ পৰা আঢ়ৈ টেমাৰ জোখৰ চাউল পাতিছিল এটা চৰুত৷ ভাত ৰান্ধি থাকোঁতেই এজন কেডাৰে বুটলি আনিছিল কেইডালমান কচু৷ ভাতখিনি থালিত বাকি চৰুটোতেই সিজাইছিল কচু৷ সেই কচুৰেই পুৱাৰ প্রথম সাঁজ ভাত খাই আৰম্ভ কৰিছিলোঁ দ্বিতীয় দিনৰ যাত্রা৷ ডিচেম্বৰ মাহৰ পুৱাৰ কুঁৱলী ফালি নিয়ৰে পিছল কৰি তোলা পাহাৰীয়া একা–বেঁকা পথেৰে আৰম্ভ কৰিছিলোঁ অনিশ্চিত ভৱিষ্যতৰ দ্বিতীয় ইনিংছ৷

এক নির্দিষ্ট গতিত আৰম্ভ হোৱা খোজৰ গতি মন্থৰ হোৱা যেন লাগিলেই বিদ্রোহী কেডাৰকেইজনে আমাক দিছিল বিশ্রাম কৰাৰ নির্দেশ৷ বটলৰ পৰা সাদৰেৰে উলিয়াই দিয়া পানী খাই কিছুসময় জিৰণিৰ পাছতেই আৰম্ভ পুনৰ যাত্রা৷ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা বেলিটোৱে পশ্চিমৰ দিশে কিছু হেলনীয়া হোৱাৰ উমান পালেই অধিক তৎপৰ হৈ পৰে কেডাৰকেইজন৷ লগে লগেই নির্বাচন কৰা হয় বিশ্রামৰ স্থান৷

তির্পাল পাৰি ৰাম কুমাৰ আৰু মোক জিৰাবলৈ দি দুজন কেডাৰ দুটা দিশত মুহূর্তৰ বাবে ওলাই যায় বনৰীয়া শাক–কচুৰ সন্ধানত৷ এনেদৰে প্রতিদিনেই পুৱা ৬ বজাৰ পৰা বিয়লি তিনি বজালৈ সুদীর্ঘ ২৮টা দিন খোজকঢ়াৰ পাছতহে উপস্থিত কৰাইছিল গৈ পাটকাই পর্বতৰ নামনিত৷ যি স্থানৰ পৰা ভাৰতৰ সীমান্তলৈ দূৰত্ব ২ দিনৰ৷ ১৫ জানুৱাৰীত ভাৰতৰ সীমা অতিক্রম কৰি ১৭ জানুৱাৰীত উপস্থিত হৈছিলোঁগৈ ম্যানমাৰৰ এটা অঞ্চলত৷

সলনা–সলনিকৈ প্রায় বিশ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত আমাক ৰখা হৈছিল৷ ১৭ জানুৱাৰীৰ পৰা ২ মার্চলৈকে সেই অঞ্চলটোতেই আমি আছিলোঁ৷ ৪জন এন এছ চি এন আৰু তিনিজন আলফাৰ কেডাৰ আছিল আমাৰ নিৰাপত্তাত৷ সদস্যকেইজনৰ মাজত বার্মিজ, নগা ভাষাত কথা পতাৰ বিপৰীতে মোৰ সৈতে আলফাৰ কেডাৰকেইজনে অসমীয়াতেই কথা পাতিছিল৷

মোক অসমৰ যুৱককেইজনে ‘দাই’ বুলি সম্বোধন কৰাৰ বিপৰীতে ময়ো মৰমতেই ‘ভতিজা’ বুলি মাতিছিলোঁ৷ সন্মান, আদৰ–সাদৰত কোনো কৃপণালি কৰা নাছিল৷ আমাক খাবলৈ দিহে তেওঁলোকে খাইছিল৷ পানীৰ বটলটো আমাক নিজেই হাতত তুলি দি খাবলৈ দিছিল৷ আমাক অপহৰণ কৰি নি বন্দী কৰি ৰখা স্থানটোত আমাৰ বাবে আগতীয়াকৈ সাজু কৰি ৰখা হৈছিল নতুন কাপোৰ আৰু জোতা৷

যাত্রা পথত বহুকেইখন পাহাৰীয়া নৈ পাৰ হৈছিলোঁ৷ সাঁতুৰিব নজনা বাবে তেওঁলোকে আমাক দুয়োকাষে ধৰি হিম চেঁচা পাহাৰীয়া নৈ পাৰ কৰাই দিছিল৷ যাত্রা পথত গুলীয়াই মৰা বনৰীয়া জন্তু, প্রকাণ্ড অজগৰ, লতা মেকুৰী বাঘৰ মাংসো ভক্ষণ কৰা দেখিছিলোঁ৷ আমাক অপহৰণ কৰিবলৈ অহা কেডাৰকেইজনে ম্যানমাৰৰ সেই অংশটোৰ পৰা ডায়ুমত উপস্থিত হওঁতে পাঁচ দিন লাগিছিল বুলি কৈছিল৷

কিন্তু উভতি যোৱাৰ সময়ত ভাৰতীয় সেনা, আছাম ৰাইফলছে বিভিন্ন স্থানত এম্বুছ কৰি ৰখাৰ বার্তা লাভ কৰি দিশ সলনি কৰি যোৱাৰ বাবে ২৮ দিন লগা বুলি গগৈয়ে কেডাৰকেইজনৰ পৰা পাছত জানিব পাৰে৷ ২১ ডিচেম্বৰৰ পৰা একেৰাহে ৰাম কুমাৰৰ সৈতে থকা প্রণৱ গগৈক ২ মার্চৰ দিনা ৰাম কুমাৰৰ পৰা পৃথক কৰি মুকলিৰ বাবে অসম অভিমুখে যাত্রা আৰম্ভ কৰে৷ তেতিয়াৰ পৰা একেই নিৰাপত্তাৰ মাজেৰে সাতজনীয়া গেৰিলাৰ আবেষ্টনীত লৈ অনা এমহীয়া উভতনি যাত্রাত ভাৰত সীমান্তৰ ভিতৰত মাত্র এবাৰৰ বাবে এখন হেলিকপ্টাৰ আকাশৰ বহু ওপৰেৰে উৰি যোৱা দেখিছিল৷

অহা আৰু যোৱাৰ সময় তথা বন্দিত্বৰ কালছোৱাত কোনো বার্মিজ অথবা অৰুণাচলী গাঁওবাসীৰ বস্তি অথবা সাধাৰণ ব্যক্তিৰ সৈতে সাক্ষাৎ লাভ কৰা নাছিল অপহূতদ্বয়ে৷ অপহৰণ কৰি নিয়াৰ পাছত প্রায় ২৬ দিনৰ অন্তত নিজ চকুৰে ভাৰত–বার্মা সীমান্তত দেখা পোৱা এটা প্রকাণ্ড খুঁটাই স্পষ্ট কৰি দিছিল স্বদেশ অতিক্রমি বিদেশৰ মাটিত ভৰি থোৱাৰ অনুভৱ৷

নিজ চকুৰে দেখি অহা উদং দেশৰ সীমান্তত সাক্ষী হৈ আছিল সেই পকী খুঁটাতো৷ নাছিল কোনো সীমান্তৰক্ষী৷ একেদৰে অসম–অৰুণাচল সীমাতো নাছিল কোনো নিৰপেক্ষ বাহিনী৷ এনেদৰেই ওভতনি যাত্রাই শৰীৰ অৱগ কৰি তুলিছিল যদিও জন্মভূমি স্পর্শ কৰাৰ হেঁপাহে মনোবল দুগুণে বৃদ্ধি কৰিছিল৷ সেয়েহে বিদায় বেলাত পাহাৰৰ ওখ টিঙৰ পৰা বিগত ২,৪৯৬ ঘণ্টা একেলগে থকা, একেলগে শোৱা ভতিজা ল’ৰাকেইটাই চিঞৰি চিঞৰি হাত জোকাৰি কৈছিল- দাই তই আমাক কেতিয়াও বেয়া নাপাবি…৷

error: Content is protected !!
%d bloggers like this: