কেককাটি ৰঙিয়া প্ৰশাসনে পালন কৰিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

1 min read

Rijaul Hassan, Rangia

সমগ্ৰ দেশৰ লগতে ৰঙিয়াটো ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ১৬ নৱেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় । ৰঙিয়া মহকুমা প্ৰশাসনে মহকুমাধিপতি কাৰ্য্যালয় প্ৰেক্ষাগৃহত কেককাটি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰে ।

ৰঙিয়া মহকুমাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ উপস্থিত অনুষ্ঠিত হোৱা প্ৰেছ দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া পাওৱেৰ লগতে ৰঙিয়া মহকুমা জন সংযোগ বিষয়া হেমন্ত শৰ্মা উপস্থিত থাকে । প্ৰেছ দিৱসত “সংবাদ মাধ্যমক সমীহ নকৰে কোনে” বিষয়ৰ ওপৰত এক আলোচনা অনুষ্ঠিত হয় । উক্ত আলোচনা চক্ৰত উপস্থিত থকা সাংবাদিক সকলে উক্ত বিষয়ৰ ওপৰত ভাষণ ৰখাৰ লগে মহকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়া গৰাকীয়েও ভাষণ ৰাখে । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতিৰাখি মহকুমা প্ৰশাসনে উপস্থিত থকা সাংবাদিক সকলক একোখনকৈ মান পত্ৰ প্ৰদান কৰে ।

You May Also Like

More From Author