ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ শ্ৰেণী কোঠা মুকলিৰ এদিন পৰ্বেই খহি পৰিল

ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ শ্ৰেণী কোঠা মুকলিৰ এদিন পৰ্বেই খহি পৰিল

ৰঙিয়াৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ শ্ৰেণী কোঠা মুকলিৰ এদিন পৰ্বেই খহি পৰিল । প্ৰায় ১৮ লাখ টকা ব্যয় কৰি বিদ্যালয়খনৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছিল । কিন্তু শনিবাৰে হঠাৎ অহা সাধাৰণ ধুমুহা বৰষুণতে খহি পৰিল নতুনকৈ নিৰ্মাণ কৰা টিনপাট, চিলিং । অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত চুৰ্ণ বিচুৰ্ণ হল সা-সামগ্ৰী সমুহ । বিদ্যালয়ত পাঠ গ্ৰহণ আৰম্ভ হোৱাৰ আগমুহুৰ্তত ঠিকাদাৰৰ হেমাহিৰ বাবে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । যদিহে পাঠ গ্ৰহণ কৰাৰ সময়চোৱাত দুৰ্ঘটনাটো সংঘটিত হলে হয় তেন্তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হলে হয় বুলি শংকা কৰিছে অভিভাৱকসকলে । আনহাতে শ্ৰেণী কোঠাকেইটা নিৰ্মাণৰ সময়চোৱাত শিক্ষক-শিক্ষয়ত্ৰীসকলে ঠিকাদাৰক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিলে ঠিকাদাৰে । নিজ ময় মতালিৰে মানস বেজবৰুৱা নামৰ ঠিকাদাৰজনে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে । বিদ্যালয়খন শ্ৰেণীকোঠাকেইটাৰ শুভ উদ্বোধনৰ মাত্ৰ এদিন পূৰ্বে জহি-খহি যোৱাত ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱক তথা শিক্ষক-শিক্ষয়ত্ৰীসকল । এই ক্ষেত্ৰত এক উচিত তদন্ত কৰি দুৰ্নীতি পৰায়ন ঠিকাদাৰক শাস্তি বিহাৰ দাবী জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । লগতে বিদ্যালয়ৰ শ্ৰেণীকোঠা কেইটা মেৰামতি নকৰি নতুনকৈ নিৰ্মাণ কৰাৰ দাবী জনাইছে ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

GTM Desk

Related