হঠাতে ৰক্তচাপ বৃদ্ধি হ’লে তৎক্ষণাৎ কৰিব লগা কামকেইটা

1 min read

যদি কাৰোবাৰ ৰক্তচাপ হঠাতে বাঢ়ি যায়, তেনেহ’লে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো এই পৰিস্থিতিত আতংকই মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। এনে পৰিস্থিতিত, কাম বুদ্ধিমত্তাৰে কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগে। এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞই হঠাতে ৰক্তচাপ বৃদ্ধি হ’লে কি কৰিব লাগে সেই বিষয়ে উল্লেখ কৰা হৈছে।

১. বাওঁ নাকৰ মাজেৰে উশাহ ল’ব

স্বাস্থ্য বিশেষজ্ঞই পৰামৰ্শ আগবঢ়াইছে যে, যেতিয়া হঠাতে ৰক্তচাপ বৃদ্ধি হয়, তেতিয়া লগে লগে বাওঁ নাকৰ মাজেৰে দীঘলীয়াকৈ উশাহ ল’ব লাগে। এই অনুশীলন কমেও ৫-৭ মিনিটৰ বাবে একেৰাহে কৰিব লাগিব। ইয়াৰ বাবে ৮ ছেকেণ্ডৰ বাবে উশাহ লওঁক আৰু তাৰ পিছত ১০ ছেকেণ্ডৰ বাবে উশাহ এৰি দিয়ক। ইয়াক এনেদৰে অনুসৰণ কৰিলে ইয়াৰ সুফল পোৱা যায়।

২. আহাৰত পটাছিয়াম খাদ্য যোগ দিয়ক

হঠাতে ৰক্তচাপ বৃদ্ধি হ’লে পটাছিয়াম সমৃদ্ধ খাদ্য খাব লাগে, নাইবা আহাৰত পটাছিয়াম সমৃদ্ধ খাদ্য সামগ্রী অন্তৰ্ভুক্ত কৰিব লাগে। ই ৰক্তচাপক নিয়ন্ত্ৰণত ৰাখিব।

ইয়াৰ বাবে আভাকাডো, পালেং শাকৰ চুপ, আনাৰস আদি খাব পাৰে। ই এক বৃহৎ সকাহ দিব।

ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈ কৰিব লগা কামঃ

• বৰ্ধিত  ৰক্তচাপৰ ৰোগীসকলে খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন ল’ব লাগে। লগতে সদায়ে খোজ কঢ়া, ব্যায়াম কৰা আদিৰ অভ্যাস গঢ়ি তুলিব লাগে।

• ধূমপান কৰা লোকসকলে এই বদঅভ্যাসবোৰ লাহে লাহে এৰি দিব লাগে, কিয়নো ই ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰে। লগতে, সুৰাও ৰক্তচাপৰ বাবে ভাল নহয়। বৰ্ধিত ৰক্তচাপৰ সমস্যাৰ পৰা বাচি। থাকিবলৈ এই দুইবিধ অভ্যাস এৰাই চলা উচিত।

 

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

You May Also Like

More From Author