fbpx
September 16, 2021

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব দশম শ্ৰেণীৰ পাঠদান

সুদীৰ্ঘ সময় বন্ধ হৈ থকাৰ পিছত ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়তে দশম শ্ৰেণীৰ পাঠদান পুণৰ আৰম্ভ কৰিবলৈ ঠিৰাং কৰিছে শিক্ষা বিভাগে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্তত অনুমোদন জনোৱা হয় । বৈঠকৰ অন্তত কেবিনেটৰ মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে সদৰী কৰে ৷

মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি, ৩০ ছেপ্টেম্বৰত চৰকাৰে শিক্ষা সম্পৰ্কীয় এখন নতুন এছ অ’ পি ঘোষণা কৰিব । শুকুৰবাৰৰ পৰা বিদ্যালয়সমূহৰ চেনিটাইজেশ্বনৰ কাম আৰম্ভ কৰা হ’ব আৰু ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান পুনৰ আৰম্ভ কৰা হ’ব । প্ৰতিটো শ্ৰেণীকোঠাত সৰ্বাধিক ৩০ গৰাকী শিক্ষাৰ্থীহে বহিব পাৰিব । প্ৰয়োজন সাপেক্ষে বিদ্যালয় সমূহত শ্ৰেণীকোঠাৰ সংখ্যা বৃদ্ধি কৰা হ’ব । পৰ্যায়ক্ৰমে অন্যান্য শ্ৰেণী সমূহৰো পাঠদান পুনৰ আৰম্ভ কৰা হ’ব ।

আনহাতে, আজিৰ কেবিনেটে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি অসমৰ কৃষকৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ কিস্তি হিচাপে ৩৭৯ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায় । একেদৰে জলসম্পদ বিভাগৰ বাবে কেবিনেটে নাবাৰ্ড ২৭ কোটিৰ পৰা ৯৮ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায় । ইয়াৰ লগতে ১৭ ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে চৰকাৰী বন্ধৰ দিন হিচাপে কেবিনেটে সিদ্ধান্ত লয় ।

Class X teaching will begin on September 20

আজিৰ কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা, ঠেলা, ই-ৰিক্সা আদিয়ে পৌৰ নিগমৰ পৰা কোনো অনুজ্ঞাপত্ৰৰ বাবে বা নবীকৰণৰ বাবে কোনো মাচুল আদায় দিব নালাগে । স্বাস্থ্য আৰু শিক্ষা বিভাগত চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্য সুচাৰুভাৱে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগত মুখ্য অভিযন্তা (স্বাস্থ্য আৰু শিক্ষা) নামেৰে এটা নতুন পদ সৃষ্টিতো কেবিনেটে আজি অনুমোদন জনায় ।

বন বিভাগৰ ক্ষেত্ৰতো কেবিনেটে আজি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি কয় যে বিভাগৰ হাতত বৰ্তমান মৃত গঁড়ৰ পৰা সংগ্ৰহ কৰা মুঠ ২,৬২৩ টা খৰ্গ জমা আছে । ইয়াৰে ৯৪ টা খৰ্গ কাজিৰঙাৰ সংগ্ৰহালয়ত ৰখা হ’ব আৰু বাকী ২,৪৭৯ টা খৰ্গ জ্বলাই দিয়া হ’ব ।

error: Content is protected !!
%d bloggers like this: