SOP ওলাল এইবাৰ পূজা হ’ব; শাৰদোৎসৱত চলিব কেৱল মাংগলিক অনুষ্ঠানহে, মেলা–সাংস্কৃতিক কার্যসূচী নিষিদ্ধ

0 min read

ৰাজ্যত এতিয়া শাৰদীয় দুর্গাপূজা, লক্ষ্মীপূজা, কালীপূজা, দীপাৱলী উৎসৱৰ বতৰ৷ এই শাৰদোৎসৱৰ বতৰত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণত ৰাখি যাতে জনসাধাৰণে পূজাৰ আনন্দ উপভোগ কৰিব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ জৰুৰী সতর্কতামূলক ব্যৱস্থা গ্রহণেৰে এখন নতুন মানক সঞ্চালন প্রক্রিয়া (এছ অ’ পি) প্রকাশ কৰিছে৷ ক’ভিড পৰিস্থিতিৰ বাবে যোৱাবাৰ শাৰদীয় দুর্গোৎসৱ সম্পূর্ণ অনুষ্টুপীয়াকৈ আয়োজন কৰিবলগীয়া হৈছিল৷ এইবাৰ যোৱাবাৰৰ তুলনাত যথেষ্ট শিথিলতা দিছে যদিও কমেও এপালি ক’ভিড প্রতিষেধক লোৱা লোকেহে পূজাথলীত প্রৱেশ কৰিব পাৰিব৷ তদুপৰি মাংগলিক অনুষ্ঠানহে এইবাৰ পূজাত চলিব, মেলা আৰু সাংস্কৃতিক অনুষ্ঠানৰ পয়োভৰ সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে৷

সেইদৰে ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বাহাল ৰখা সান্ধ্য আইনৰ সময়ছোৱাত পূজাথলীসমূহ সম্পূর্ণৰূপে বন্ধ হ’ব৷ অর্থাৎ পূর্বৰ দিনসমূহৰ দৰে জনসাধাৰণে এইবাৰো মাজনিশা বা পুৱতিনিশালৈ পূজা উপভোগ কৰিব নোৱাৰিব৷

বুধবাৰে সন্ধিয়া জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই নতুন এছ অ’ পিখনৰ বিষয়ে প্রকাশ কৰি কয় যে দুর্গাপূজা, কালীপূজা আদিৰ অনুমতি জিলা প্রশাসনৰ পৰা আগতীয়াকৈ ল’ব লাগিব আৰু সম্পূর্ণ ক’ভিড বিধি পালন কৰিব লাগিব৷ সেই অনুসৰি প্রত্যেক জিলা প্রশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুর্গাপূজা পালন কৰি অহা পূজা কমিটী, আয়োজক কমিটীৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি পূজা সম্পর্কীয় ক’ভিড প্রট’কলৰ বিষয়ে অৱগত কৰিব৷ প্রত্যেকখন পূজাত কিমান জনসমাগমৰ সম্ভাৱনা আছে, সেই বিষয়ে আয়োজক সমিতিয়ে অনুমতি বিচৰাৰ সময়ত জিলা প্রশাসনক আভাস দিব লাগিব৷ পূজা কমিটীসমূহে প্রশাসনৰ পৰা অনুমতি বিচাৰি আবেদন কৰাৰ সময়তো কমিটীৰ বিষয়ববীয়া–সদস্য ভেকচিন লোৱাৰ চার্টিফিকেটৰ প্রতিলিপি গাঁঠি দিব লাগিব৷ দুইপালি ভেকচিন লোৱাসকলক অগ্রাধিকাৰ দিয়া হ’ব৷ এপালি ভেকচিন লোৱাসকলৰ ক্ষেত্রত দ্বিতীয় পালিৰ বাবে যি নির্ধাৰিত সময় আছে সেয়া অতিক্রম কৰিলে সেই চার্টিফিকেট গ্রাহ্য কৰা নহ’ব৷

সেইদৰে পূজা মণ্ডপ আৰু পূজাস্থলীত আয়োজকসকলে বিশেষ ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ সেই অনুসৰি পূজাথলী যথেষ্ট আহল–বহল হ’ব লাগিব আৰু কেউফালৰ পৰা মুকলিমূৰীয়াকৈ ৰাখিব লাগিব৷ যিকোনো দুগৰাকী লোক বা দর্শনার্থীৰ মাজত নূ্যনতম শাৰীৰিক ব্যৱধানত ক’ভিড বিধি অনুসৰণ কৰিব লাগিব৷ পূজাথলী, পূজা মণ্ডপলৈ প্রৱেশ আৰু প্রস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব৷ প্রৱেশ পথৰ পৰা প্রস্থানলৈকে উপযুক্ত ফলক দর্শনার্থীৰ চকুত পৰাকৈ আয়োজকে আঁৰি থ’ব লাগিব৷ পূজাথলী, পূজা মণ্ডপত একে সময়তে মাত্রাধিক জনসমাগম হ’বলৈ দিব নোৱাৰিব৷ দর্শনার্থীয়ে ক’ভিড প্রট’কল মানি পূজাথলী, পূজা মণ্ডপত সু–শৃংখলিতভাৱে যাতে আহিব পাৰে, তাৰ বাবে আয়োজকসকলে পর্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু স্বেচ্ছাসেৱসকলেও ভেকচিন লোৱাৰ নথি প্রশাসনক জমা দিব লাগিব৷

পূজাথলীত কোনো লোকৰ শৰীৰত সন্দেহজনক ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজক সমিতিয়ে এই বিষয়ে জিলা প্রশাসনক দৃষ্টিগোচৰ কৰিব লাগিব৷ সেইদৰে পূজাৰীসকলেও ভেকচিন লোৱা হ’ব লাগিব৷ দর্শনার্থীসকলৰ ক্ষেত্রতো কমেও এপালি ভেকচিন লোৱা হ’ব লাগিব৷ এপালিও ভেকচিন নোলোৱা কোনো লোকেই পূজাথলীত প্রৱেশ কৰিব নোৱাৰিব৷ জিলা প্রশাসনে পূজাৰ আয়োজনৰ অনুমতি প্রদানৰ সময়তে আয়োজক সমিতিৰ পৰা বিষয়ববীয়া, সদস্য, স্বেচ্ছাসেৱক, পূজাৰীয়ে কমেও এপালি ক’ভিড ভেকচিন গ্রহণ কৰাটো ৰেণ্ডম চেকিঙৰ দ্বাৰা সুনিশ্চিত কৰাৰ দায়িত্ব দিব৷ অৱশ্যে ১৮ বছৰ অনূর্ধ্বৰসকলৰ এইক্ষেত্রত কোনো বাধ্য–বাধকতা নাথাকিব৷ তেওঁলোকক যিহেতু এতিয়ালৈ ভেকচিন দিয়া হোৱা নাই, তেওঁলোকে এইক্ষেত্রত ৰেহাই পাব৷ ইপিনে প্রতিখন পূজাস্থলী, পূজা মণ্ডপৰ প্রতিগৰাকী আয়োজক, স্বেচ্ছাসেৱক আৰু পূজাৰীৰ ক্ষেত্রত পূজা আৰম্ভণিৰ পূর্বে পঞ্চমীৰ দিনা ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক৷

দশমীৰ শেষত অথবা একাদশীৰ দিনা তেওঁলোক প্রত্যেকেই পুনৰ ক’ভিড পৰীক্ষা কৰিব লাগিব৷ পূজাথলীত আয়োজক সমিতিয়ে নিয়োজিত কৰা স্বেচ্ছাসেৱকসকলে দর্শনার্থীসকলক মাস্ক পৰিধান কৰা, হাত ছেনিটাইজ কৰা আৰু নূ্যনতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰাটো সুনিশ্চিত কৰিব লাগিব আৰু তেওঁলোকেও সেই বিধি মানি চলিব লাগিব৷ কোনো লোকে মাস্ক পৰিধান নকৰাকৈ পূজাথলীলৈ আহিলে তেওঁলোকক মাস্ক যোগান ধৰিহে পূজাথলীলৈ যাবলৈ দিব লাগিব৷ অঞ্জলি অর্পণ, প্রসাদ বিতৰণ, সান্ধ্য আৰতিৰ ক্ষেত্রত ক’ভিড প্রট’কল ৰক্ষা হোৱাকৈ অতি কমসংখ্যক লোকক সৰু সৰু গোটত ভাগ কৰি এনে কার্য সম্পন্ন কৰিব লাগিব৷ ইয়াৰ বাবে সুপৰিকল্পিতভাৱে বেৰিয়াৰ নির্ণয় কৰিব লাগিব৷ মণ্ডপৰ ভিতৰত দর্শনার্থীসকল যাতে একে স্থানত ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব লাগিব৷ ‘কমেও এপালি প্রতিষেধক লোৱা লোকৰ বাবেহে কেৱল পূজা মণ্ডপত প্রৱেশৰ অনুমতি’ শীর্ষক ফলক পূজা মণ্ডপসমূহৰ সকলো ফালেই লগাই ৰাখিব লাগিব৷

সেইদৰে দর্শনার্থী, আয়োজক, স্বেচ্ছাসেৱক সকলোৰে বাবেই মাস্ক পৰিধান বাধ্যতামূলক৷ প্রতিখন পূজাথলী, পূজা মণ্ডপত প্রৱেশ পথত হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব৷ প্রতিদিনে দর্শনার্থীৰ প্রৱেশৰ পূর্বে আৰু নিশা দর্শনার্থীৰ প্রৱেশ বন্ধৰ পাছত আয়োজকসকলে পূজাথলী, পূজা মণ্ডপ ভালদৰে ছেনিটাইজ কৰিব লাগিব৷ সংবাদ মেলখনত মন্ত্রী মহন্তই আৰু কয় যে নিশা সান্ধ্য আইন বলৱৎ হোৱাৰ পূর্বেই পূজাথলী বন্ধ কৰিব লাগিব৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে জাৰি কৰা সান্ধ্য আইনৰ সময়সীমা সকলোৱে মানি চলিব লাগিব৷ নিশা নির্ধাৰিত সময়ত পূজা মণ্ডপৰ প্রৱেশদ্বাৰ বন্ধ কৰি আয়োজক সমিতিয়ে সেই দিনাৰ বাবে পূজা মণ্ডপৰ কার্যসূচী সামৰাটো জিলা প্রশাসনে সুনিশ্চিত কৰিব৷ সেইদৰে এইবাৰ দুর্গাপূজাৰ আগে–পিছে বা পূজাৰকেইদিনত সাংস্কৃতিক সন্ধিয়া আদিৰ কার্যসূচী চলিব নোৱাৰিব৷ একেদৰে আয়োজক সমিতি বা আন কোনেও পূজাথলীৰ বাহিৰত বা সমীপত কোনো মেলা আদি পাতিব নোৱাৰিব৷ পূজা মণ্ডপৰ সমীপৰ পথত দোকান আদি খুলিবলৈ জিলা প্রশাসনৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব আৰু জিলা প্রশাসনে ক’ভিড বিধি কার্যকৰী কৰিহে অনুমতি দিব৷

আয়োজক সমিতিসমূহে ক’ভিড প্রট’কল ৰক্ষা কৰি পূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্রতিমা বিসর্জন পর্ব তেনেই সাধাৰণভাৱে সম্পন্ন কৰিব লাগিব৷ পৰাপক্ষত ভার্চুৱেল পদ্ধতিৰেই মণ্ডপ উদ্বোধন কৰাটো সুৰক্ষিত পন্থা হ’ব৷ একেদৰে প্রতিমাৰ আকাৰো বৃহৎ আকাৰৰ হ’ব নোৱাৰিব বুলি উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে অনুমতি দিয়া সীমিতসংখ্যক লোকে দাঙিব পৰাকৈ প্রতিমাৰ আকাৰো যথাসম্ভৱ সীমিত কৰি ৰাখিব লাগিব৷ প্রতিমা বিসর্জনৰ ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰি ৰাখিব লাগিব আৰু আয়োজক সমিতিয়ে মণ্ডপৰ প্রতিমা উলিয়াই নি আন ক’তো নৰখোৱাকৈ পোনে পোনে নির্দিষ্ট ঘাটত বিসর্জন দিব লাগিব৷ বিসর্জনৰ বাবে জিলা প্রশাসনে আগতীয়াকৈ যথোচিত পৰিকল্পনা প্রস্তুত কৰিব আৰু প্রত্যেক আয়োজক সমিতিক আগতীয়াকৈ বিসর্জনৰ সময় নির্ধাৰণ কৰি দিব৷ পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নির্ভৰ কৰি প্রয়োজন হ’লে বিসর্জন পর্ব দুদিন বা ততোধিক দিনত সম্পন্ন কৰাৰ বাবে প্রশাসনে সিদ্ধান্ত ল’ব৷

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে পূজা আয়োজক সমিতিসমূহৰ বাবে ধার্য কৰা সীমিতসংখ্যক লোকেহে প্রতিমা বিসর্জনত ভাগ ল’ব পাৰিব৷ বিসর্জনস্থলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্রমিকসকলৰ সকলোৱেই ক’ভিড প্রতিষেধক লোৱা লোক হ’ব লাগিব৷ সংবাদ মেলখনত স্বাস্থ্যমন্ত্রী মহন্তই দুর্গাপূজাৰ সময়ছোৱাত ক’ভিড প্রট’কল মানি চলা আৰু ক’ভিড ভেকচিন গ্রহণৰ প্রয়োজনীয়তাৰ বিষয়ে সংবাদ মাধ্যমক জনসজাগতা বৃদ্ধিৰ বাবে আহ্বান জনায়৷ পূজা মণ্ডপৰ ভিতৰত বা পূজাথলীত অনাৱশ্যক আৰু মাত্রাধিক জনসমাগম, ভিৰ সৃষ্টিৰ পৰা ৰাইজক সচেষ্ট ৰখাৰ বাবেও আহ্বান জনায়৷

সেইদৰে অহা ১৭ ছেপ্টেম্বৰত স্বাস্থ্য বিভাগে মেগা ভেকচিনৰ কার্যসূচী হাতত লোৱাৰ বিষয়ে উল্লেখ কৰি কয় যে সেইদিনা কমেও ৭ লাখ লোকক ভেকচিন প্রদান কৰা হ’ব৷ এই কার্যসূচীৰ বাবে কাইলৈ অভিভাৱক মন্ত্রী, অভিভাৱক সচিবসকলৰ লগতে অতিৰিক্তভাৱে আয়ুক্ত সচিবসকল ভাগে ভাগে একোখন জিলাত উপস্থিত হ’ব৷ অহা ১০ অক্টোবৰৰ ভিতৰত ৰাজ্যখনৰ ১৮ বছৰ ঊর্ধ্বৰ সকলো লোককে প্রথম পালি ভেকচিন প্রদানৰ পৰিকল্পনা স্বাস্থ্য বিভাগে গ্রহণ কৰিছে৷

You May Also Like

More From Author