পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

1 min read

ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান । সেইদৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদানো অব্যাহত আছে ।

পহিলা অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে তাৰেই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিস্থিতি স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান ।

ইতিমধ্যে ৰাজ্যত আৰম্ভ হোৱা দশম শ্ৰেণীৰ পাঠদানৰ পূৰ্বে সকলো বিদ্যালয় চাফ-চিকুন কৰাৰ লগতে চেনিটাইজ কৰা হৈছিল । সেইদৰে জাৰি কৰা হৈছিল নতুন এছ অ’ পি । এতিয়া নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে কোন কোন দিশত নীতি-নিয়ম আৰোপ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যখনলৈ যাতে স্বাভাৱিক পৰিৱেশ ঘূৰি আহে আৰু জীৱন-যাত্রা স্বাভাৱিক হয় তাৰ বাবে আমি কাম কৰিব খুজিছো । ইয়াৰ বাবে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ভেকচিনেচন । তেওঁ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় ।

You May Also Like

More From Author