গুৱাহাটী: চিআইডিৰ চৰকাৰী কোৱার্টাৰত দেহ ব্যৱসায়

1 min read

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নাৰী দেহৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা অসাধু চক্রই৷ নাৰী দেহৰ বেহাত জড়িত হৈ পৰিছে আৰক্ষী বিষয়াও৷ কালি বশিষ্ঠ থানাৰ আৰক্ষীয়ে বেলতলাৰ গণেশ নগৰৰ স্বর্গপুৰত থকা চি আই ডিৰ চৰকাৰী আৱাসত অভিযান চলাই নাৰী দেহৰ বেহা চলোৱা এটা চক্রক উৎখাত কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজ আৰু ভুক্তভোগী যুৱতীৰ স্বীকাৰোক্তিৰ ভিত্তিত অসম আৰক্ষীৰ বিশেষ শাখাত কর্মৰত আৰক্ষী বিষয়া কামালুদ্দিন আহমেদৰ চৰকাৰী আৱাসত অভিযান চলাই দেহ ব্যৱসায় চক্রটোক হাতে–লোটে গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰক্ষী বিষয়া কামালুদ্দিনৰ জ্ঞাতসাৰে পত্নীয়ে চৰকাৰী আৱাসতে দীর্ঘদিন ধৰি নাৰী দেহৰ বেহা চলাই আহিছিল৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা যুৱতী–মহিলাক চাকৰিৰ প্রলোভন দি গুৱাহাটীলৈ আনি আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰিছিল৷

 

শেহতীয়াকৈ যোৱা ১৭ ছেপ্টেম্বৰত মায়ঙৰ পৰা এগৰাকী যুৱতীক কাপোৰৰ দোকানত চাকৰি দিয়াৰ প্রলোভন দি আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে গুৱাহাটীলৈ আনি চৰকাৰী আৱাসত ৰাখি দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰাইছিল৷ ভুক্তভোগী যুৱতীগৰাকীয়ে কালি স্থানীয় ৰাইজক এই বিষয়ে অৱগত কৰাত ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ কামালুদ্দিনৰ চৰকাৰী আৱাসত অভিযান চলাই এগৰাকী যুৱতীক উদ্ধাৰ কৰাৰ লগতে বিভিন্ন আপত্তিজনক সা–সামগ্রী জব্দ কৰে৷ অভিযানকাৰী দলটোৱে আৰক্ষী বিষয়া কামালুদ্দিন আহমেদ, তেওঁৰ পত্নী আৰু এগৰাকী যুৱতীক গ্রেপ্তাৰ কৰি  জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

ইফালে, বিষয়াগৰাকীৰ চৰকাৰী আৱাসত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই এটা দুষ্প্রাপ্য কেঁকোসাপ উদ্ধাৰ কৰে৷ আৰক্ষী বিষয়াৰ চৰকাৰী আৱাসৰ পৰা নাৰী দেহৰ ঘাটি আৰু দুষ্প্রাপ্য কেঁকোসাপ উদ্ধাৰ কৰা ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, স্থানীয় লোকে জানিবলৈ দিয়া মতে আৰক্ষী বিষয়াগৰাকীৰ পত্নীয়ে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা যুৱতী–মহিলাক গুৱাহাটীলৈ আনি দেহ ব্যৱসায় চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছিল৷ কেৱল দেহ ব্যৱসায়ে নহয়, বিভিন্ন অসামাজিক কার্যৰ লগতে দুষ্প্রাপ্য কেঁকোসাপৰো ব্যৱসায় চলাই আহিছিল৷

You May Also Like

More From Author