Advertisement

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান । সেইদৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদানো অব্যাহত আছে ।

পহিলা অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদানো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে তাৰেই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে, পৰিস্থিতি স্বাভাৱিক অৱস্থাত থাকিলে ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উচ্চতম মাধ্যমিক প্ৰথম বৰ্ষ, নৱম আৰু স্নাতক প্ৰথম বৰ্ষৰ পাঠদান ।

ইতিমধ্যে ৰাজ্যত আৰম্ভ হোৱা দশম শ্ৰেণীৰ পাঠদানৰ পূৰ্বে সকলো বিদ্যালয় চাফ-চিকুন কৰাৰ লগতে চেনিটাইজ কৰা হৈছিল । সেইদৰে জাৰি কৰা হৈছিল নতুন এছ অ’ পি । এতিয়া নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰে কোন কোন দিশত নীতি-নিয়ম আৰোপ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যখনলৈ যাতে স্বাভাৱিক পৰিৱেশ ঘূৰি আহে আৰু জীৱন-যাত্রা স্বাভাৱিক হয় তাৰ বাবে আমি কাম কৰিব খুজিছো । ইয়াৰ বাবে আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে ভেকচিনেচন । তেওঁ সকলো লোকক দুয়োপালি ভেকচিন ল’বলৈ আহ্বান জনায় ।

Shahnawaz Hamza