25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

যোৰহাট জিলা প্ৰশাসনে চাৰি লেনযুক্ত পথৰ সৈতে জড়িত তদাৰকী সংস্থা NHIDCL বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল l

Assamese Newsযোৰহাট জিলা প্ৰশাসনে চাৰি লেনযুক্ত পথৰ সৈতে জড়িত তদাৰকী সংস্থা NHIDCL বিৰুদ্ধে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল l

 

টীয়কৰ প্ৰতিবেদক ১৯ মে /২৩

টীয়কৰ জগদুৱাৰত বিগত ১৭ মে তাৰিখে নিশা সংঘটিত হোৱা দুৰ্ঘটনাৰ পাছতে যোৰহাট বাইপাছৰ পৰা জাজী পৰ্যন্ত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লেহেমীয়া তথা ক্ৰুটিপূৰ্ণ কামৰ বিৰুদ্ধে টীয়কৰ বিভিন্ন দল সংগঠন তথা ৰাইজ সৰব হৈ পৰাৰ সমান্তৰালকৈ উক্ত পথৰ দূৰবস্থাৰ বাবে নিতৌ সংঘটিত দূৰ্ঘটনাকে ধৰি অনান্য ক্ৰুটিসমূহৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে পথ নিৰ্মাণৰ সৈতে জড়িত তদাৰকী সন্থা NHIDCL ৰ বিৰুদ্ধে টীয়ক আৰক্ষী থানাত আজি এক গোচৰ ৰুজু কৰিছে। আনহাতে টীয়ক আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।উল্লেখযোগ্য যে যোৱা ১৭ তাৰিখে সংঘটিত হোৱা দুৰ্ঘটনাত মৃত্যু হৈছিল ভাস্কৰজ্যোতি বৰ্মন নামৰ এজন ONGC ৰ বিষয়াৰ। পথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবে সংঘটিত হৈছিল বুলি সৰ্বত্তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। ইতিমধ্যে এই দুৰ্ঘটনাৰ এক প্ৰতিবেদন দাখিল কৰিছে যোৰহাট জিলা প্ৰশাসনে আৰু ইয়াৰ উচিত তদন্তৰ বাবে এই এজাহাৰ দাখিল কৰা হৈছে। লগতে ফ’ৰলেন নিৰ্মাণকাৰী সংস্থালৈ যোৰহাট জিলা উপায়ুক্তই পথ নিৰ্মাণৰ সময়ত সাধাৰণ জনসাধাৰণ তথা যাত্ৰীৰ সুৰক্ষাৰ বাবে উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ।ইপিনে শেহতীয়াকৈ হলেও জিলা প্ৰশাসনে এই কোম্পানীৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি আদৰণীয় বুলি সদৰি কৰি কেৱল গোচৰতে সীমাবদ্ধ নাথাকি উচিত তদন্ত ও ব্যৱস্থা গ্ৰহণ কৰি অকাল মৃত্যুক সাৱতিবলগীয়া ভাস্কৰ বৰ্মনৰ পৰিয়ালৰ লগতে টীয়কীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰিছে টীয়কৰ বিভিন্ন দল সংগঠনে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোনপতীয়া হস্তক্ষেপ আশা কৰিছে l

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!