টেলিভিচন পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰম সিদ্ধান্ত

টেলিভিচন পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰম সিদ্ধান্ত

টেলিভিচন পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰম সিদ্ধান্ত। ৩০বছৰ বয়সতে আ*ত্ম*হ*ত্যা সঞ্চিতা উগালেৰ। মুম্বাইৰ নিজৰ বাসগৃহতে শোৱনি কোঠাত আ*ত্ম*হ*ত্যা অভিনেত্ৰী গৰাকীৰ। চাজন ঘৰ,কুমকুম ভাগ্য,দিলৱালী দুলহা লে জায়েগীত কৰিছিল অভিনয়। কম সময়তে টেলিভিচন পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হৈ পৰিছিল সঞ্চিতা। কুমকুম ভাগ্যৰ দিয়া টণ্ডন চৰিত্ৰৰ জৰিয়তে জনপ্ৰিয় হৈছিল সঞ্চিতা। বিকী কৌশলৰ সৈতে ছাৱা চিনেমাটো অভিনয় কৰিছিল সঞ্চিতাই। মৃ*ত্যু*ৰ ১৯ঘণ্টা পূৰ্বে ছ’চিয়েল মিডিয়াত এক্টিভ আছিল সঞ্চিতা। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ৰীল। সঞ্চিতাৰ হাতত দেখিবলৈ পোৱা গৈছিল এটা কেমেৰাও। কিন্তু হঠাত আ*ত্ম*হ*ত্যা*ৰ পথ বাছি ল’লে সঞ্চিতাই তাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ। খুবেই হাঁহিমুখীয়া আছিল অভিনেত্ৰী সঞ্চিতা।সঞ্চিতাৰ মৃ*ত্যু*ত শোকপ্ৰকাশ অনুৰাগীৰ।

কি কাৰণে চৰম পন্থা বাছি ল’লে সঞ্চিতাই?

সমগ্ৰ বিষয় এতিয়া ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ আৰক্ষীৰ। জনপ্ৰিয়তাৰ শীৰ্ষত থকা অভিনেত্ৰীগৰাকীৰ চৰম সিদ্ধান্ত কিয়?

Desk Admin