তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনৰ গুলীচালনা

তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনৰ গুলীচালনা

তিনিচুকীয়াৰ লিডুত ভয়ংকৰ ঘটনা। সন্দেহযুক্ত আলফা স্বাধীনৰ কেডাৰৰ গুলীত নিহত তিনিজনকৈ লোক। জিলা খনৰ ফিনভিৰু আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰীত এই ঘটনা সংঘটিত হয় এই ঘটনা ৷

আলফা স্বাধীনৰ বিৰুদ্ধে আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবেই হত্যা কৰাৰ সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীৰ গুলীত নিহত হৈছিল জ্যেষ্ঠ আলফা স্বাধীনৰ নেতা উদয় অসম।

নিহত লোক কেইজন আলফা নেতা উদয় অসমৰ হত্যাত জড়িতৰ সন্দেহ ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিভিল হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷

আনহাতে গুলীচালনাৰ ঘটনাত আলফা স্বাধীনৰ কেডাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি আৰক্ষী-অৰ্ধ সামৰিক বাহিনীয়ে ফিনভিৰু আৰু ৰিংৰাংখান অঞ্চলত ব্যাপক অভিযান আৰম্ভ কৰিছে ৷

GTM Desk

Related