21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

আজি অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক পুনৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ পৰৱৰ্তী শুনানি ১ডিচেম্বৰত।

Top Newsআজি অভি-নীল হত্যাকাণ্ডৰ ৪৭ অভিযুক্তক পুনৰ নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পুনৰ পৰৱৰ্তী শুনানি ১ডিচেম্বৰত।

ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তক ১০অক্টোবৰ ত নগাঁৱৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ পিছত আজি পুনৰ তেওঁলোকক হাজিৰ কৰোৱা হয় নগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত । প্ৰথমে ১৮ ছেপ্তেম্বৰত নগাওঁ আদালতত অভিযুক্ত সকলক হাজিৰ কৰোৱা হৈছিল আৰু তাৰ পিছত ১০অক্টোবৰত নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশ ৰীতা কৰৰ আদালতত হাজিৰ কৰোৱা হৈছিল। যিহেতু নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালততে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিব সেয়ে বৃহস্পতিবাৰে পুনৰ ৪৭ জন অভিযুক্তক হাজিৰ কৰোৱা হয় নগাওঁ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত।

ঘটনাটোৰ মুঠ ৪৮ জন অভিযুক্ত আছিল যদিও এগৰাকী নাবালক হোৱাৰ হেতুকে তেওঁৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল জাষ্টিচ ব’ৰ্ডত চলিব । উল্লেখ্য যে চলিত বৰ্ষৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অৰ্ন্তগত পাণজুৰি গাঁৱত সোপাধৰা সন্দেহত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক নৃশংসভাৱে হত্যা কৰা হৈছিল । এই ঘটনা সন্দৰ্ভত ডকমকা থানাত ৰুজু হোৱা ৩৩/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও অভি-নীলৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটি ডিফু আদালতৰ পৰিৱৰ্তে নগাঁও আদালতলৈ স্হানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । সেই নিৰ্দেশনা অনুসৰিয়েই এতিয়া নগাঁও আদালতত আৰম্ভ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া । উল্লেখ্য যে,বৃহস্পতিবাৰৰ দিনটো আছিল এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ এটা উল্লেখযোগ্য দিন।বিশেষকৈ বৃহস্পতিবাৰে লোক অধিবক্তা,ভুক্তভোগী পৰিয়ালৰ অধিবক্তা আৰু অভিযুক্ত সকলৰ অধিবক্তাৰ যুক্তি শুনি অভিযুক্তৰ ওপৰত কি কি ধাৰাত আদালতে বিচাৰ চলাব সেইয়া নিৰ্ধাৰণ কৰিব।সেই মতেই বৃহস্পতিবাৰৰ দিনটোত এই গোচৰতো সংক্ৰান্তত নগাওঁ আদালতত চলিল অধিবক্তাৰ যুক্তিযুদ্ধ। অভি-নীলৰ পৰিয়ালৰ দ্বাৰা নিয়োজিত অধিবক্তা বিজন মহাজনে অভিযুক্তৰ ওপৰত দুটা নতুন ধাৰা সংযোজনৰ বাবেও আদালতত যুক্তি প্ৰদৰ্শন কৰে।
আনহাতে অভিজিৎ-নিলোৎপলৰ পৰিয়ালে অভিযুক্ত সকলৰ পুনৰ কঠোৰ শাস্তিৰ পোষকতা কৰে।লগতে গোচৰতো ফাষ্ট ট্ৰেক আদালতত চলা বিচাৰে ভুক্তভোগীৰ পৰিয়ালে।

পৰৱৰ্তী শুনানিৰ দিন আদালতে ধাৰ্য কৰিলে ১ডিচেম্বৰ ।সেই দিনাই আদালতে আজি অধিবক্তা সকলে দিয়া যুক্তি সমূহ বিশ্লেষণ কৰি কি কি ধাৰাৰ ওপৰত এই গোচৰ তোৰ বিচাৰ প্ৰক্ৰিয়া চলিব ,তাক নিৰ্ধাৰণ কৰিব।

নগাঁওৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!