38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

কেঁচা জলকীয়া বহুদিনলৈ সতেজ কৰি ৰখাৰ উপায়!

Assamese Newsকেঁচা জলকীয়া বহুদিনলৈ সতেজ কৰি ৰখাৰ উপায়!

ৰন্ধন প্ৰণালীত কেঁচা জলকীয়াৰ কোনো বিকল্প নাই৷ বহুতে খাদ্যৰ সৈতে কেঁচা জলকীয়া চোবাই খালেহে খাদ্যত জুতি পায়৷ কিন্তু কেঁচা জলকীয়া বহুদিনলৈ সতেজ হৈ নাথাকে৷ কম সময়ৰ ভিতৰতে কেঁচা জলকীয়া লেৰেলি যাবলৈ ধৰে বা সোনকালে শুকাই যায়৷ ফ্ৰীজত ৰাখিলে এটা নিৰ্দিষ্ট সময়লৈকেহে কেঁচা জলকীয়া সতেজ হৈ থাকে যদিও পিছত ই লেৰেলি যাবলৈ আৰম্ভ কৰে৷ আজিৰ শিতানত কেঁচা জলকীয়া সতেজ কৰি ৰখাৰ কেইটামান সহজ উপায় উল্লেখ কৰা হ’ল৷

১৷ প্ৰথমে জলকীয়াৰ ঠাৰিসমূহ চিঙি পেলাওক৷ ‘এয়াৰ টাইট’ অৰ্থাৎ বতাহ সোমাব নোৱাৰা কণ্টেইনাৰত ৰাখক এই জলকীয়াসমূহ৷ এনে কৰিলে কেইবাদিনলৈ কেঁচা জলকীয়া সতেজ হৈ থাকে৷

২৷ এলুমিনিয়াম ফইলৰ ভিতৰতো কেঁচা জলকীয়া মেৰিয়াই ৰাখিব পাৰে৷ কিন্তু এনে কৰাৰ আগতে জলকীয়াৰ ঠাৰি এৰুৱাবলৈ নাপাহৰিব৷ এলুমিনিয়াম ফইলৰ সৈতে কেইঘণ্টামান জলকীয়াখিনি ফ্ৰীজৰ ভিতৰত ৰাখি উলিয়াই আনক৷ ইয়াৰ পাছত জলকীয়াখিনি বায়ুৰোধক পাত্ৰ এটাত এলুমিনিয়াম ফইলৰ সৈতে ভৰাই ৰাখক৷ এনে পদ্ধতিয়ে এসপ্তাহৰো অধিক কেঁচা জলকীয়া সতেজ কৰি ৰাখে৷

৩৷ চেইনযুক্ত বেগৰ ভিতৰতো জলকীয়া ৰাখিব পাৰে৷ অৱশ্যে এনে বেগত দুসপ্তাহতকৈ অধিক দিন জলকীয়া ৰাখিব পৰা নাযায়৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!