গুৰুগ্ৰামত অফিচৰ এখন চকীৰ বাবে সহকৰ্মীক গুলীচালনা যুৱকৰ

গুৰুগ্ৰামত অফিচৰ এখন চকীৰ বাবে সহকৰ্মীক গুলীচালনা যুৱকৰ

এটা কাৰ্যালয়ত চকী এখনক লৈ হোৱা কাজিয়াই হ’ল কাল। গুৰুগ্ৰামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ এজন কৰ্মচাৰীক এখন চকীৰ বাবেই তেওঁৰ সহকৰ্মীয়ে গুলীয়াই গুৰুতৰভাৱে আঘাত কৰে।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰা আৰু অস্ত্ৰ আইনৰ ২৫-৫৪-৫৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত লোকজন হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা অমন জাংৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ বিবৃতিত কোৱা হৈছে যে মঙলবাৰে ছেক্টৰ ৯ৰ ফিৰোজ গান্ধী কলনীৰ ২৩ বছৰীয়া যুৱক বিশাল কাৰ্যালয়ত চকী এখনৰ বাবে জাংৰাৰ সৈতে কাজিয়া ত লিপ্ত হয় আৰু পাচত ই উত্তপ্ত হৈ পৰে।

পিছদিনা আকৌ তৰ্ক-বিতৰ্ক হয় দুয়ো জনৰ মাজত। যাৰ বাবে বিশাল অফিচৰ পৰা ওলাই আহিল। ৰাস্তাত খোজ কাঢ়ি গৈ থাকোঁতে জাংৰাই পিছফালৰ পৰা আহি পিষ্টল উলিয়াই বিশালক গুলীচালনা কৰে পলায়ন কৰে বুলি অভিযোগ উঠিছে।

ততাতৈয়াকৈ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান বিশাল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ অভিযান চলাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইষ্টৰ ডিচিপি বীৰেন্দ্ৰ বিজে কয় যে, “অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু আমি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাইছো। তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব।”

GTM Desk

Related