24.7 C
Assam
Monday, June 27, 2022

Featured News

Assam’s Nobojit Narzary is DID Little Masters Season 5 winner

Dance India Dance Li'l Masters Season 5 concluded...

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ...

নগাঁৱৰ ৰণথলীত সৰ্প দংশনত এজনৰ মৃত্যু

Assamese Newsনগাঁৱৰ ৰণথলীত সৰ্প দংশনত এজনৰ মৃত্যু

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰণথলীত সৰ্প দংশনত এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ মৃত্যুক সাৱতি লোৱা ব্যক্তিজন হৈছে প্ৰদীপ বনিয়া(৩৪) ৷

মৃত বনিয়াৰ ঘৰ নগাঁও জিলাৰ ৰণথলি আদৰ্শ গাঁৱত ৷ জানিব পৰা মতে কালি বিয়লি প্ৰায় চাৰি বজাত প্ৰদীপ বনিয়াই ৰণথলি আদৰ্শ গাঁৱৰ সাপেখাতি বিলৰ পাৰলৈ গৈছিল ৷ ম’হ বিচাৰি বিলৰ পাৰলৈ যোৱা প্ৰদীপ বিলৰ পানীত নমাৰ পিছতে এক সাপে দংশন কৰে । পাছত লোকজনে কাষতে থকা লোকৰ সহায় বিছৰাত লগে লগে বনিয়াৰ ওচৰত উপস্হিত হৈ ঘৰলৈ লৈ আহে ৷ নিজা ঘৰত উপস্হিত হোৱাৰ পিছত বেছিকৈ অসুস্হ হৈ পৰাত পৰিয়ালৰ লোকে প্ৰদীপ বনিয়াক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: