মঙলদৈত বজ্ৰপাতত ঘৰ ভষ্মীভূত, কথমপি ৰক্ষা এটা পৰিয়াল

1 min read

বিশেষ সংবাদদাতা,মঙলদৈ, ২ মে : দৰং জিলাৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী নগৰবাহী গাও পঞ্চায়তৰ অন্তৰ্গত ২ নম্বৰ বেজপাৰা (ঝাৰবাৰী) গাৱৰ দিদাৰুদ্দিন আহমেদৰ টিনপাতৰ ঘৰ এটিত যেৱা নিশা বজ্ৰপাত পৰি সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱা ঘটনাই সমগ্র অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা ১ মান বজাত হোৱা ধাৰাষাৰ বৰষুণৰ মাজতে দৰিদ্র কৃষক গৰাকীৰ ঘৰটিত ব্জ্রপাত পৰাত ঘৰটিত নিমিষতে জুই লাগে আৰু সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ।গভীৰ নিশা সংঘটিত এই ঘটনাত শুই থকা পৰিয়ালটিৰ মাজত হুৱা-দুৱা লাগে যদিও কোনোমতে নিৰাপদ ঠাইত অৱস্থান কৰি প্রাণ ৰক্ষা কৰে । নিশাৰ ভিতৰতেই চুবুৰীয়া ঘটনাস্হলীত উপস্থিত হৈ গৈ জুই নিৰ্বাপন কৰে যদিও ইতিপূৰ্বে ঘৰটি সম্পূৰ্ণভাবে ভস্মীভূত হয় ।স্থানীয় ৰাইজে দৰিদ্র কৃষক গৰাকীক উচিত ক্ষতিপুৰণ দিবলৈ জিলা প্রশাসনৰ ওচৰত দাবী জনাইছে ।

মকছেদ আলিৰ ৰিপট,মঙলদৈ

You May Also Like

More From Author