‘লাইব্ৰেৰীত মোক জোৰকৈ পৰ্ণ দেখুৱাইছিল’-পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ

1 min read

অনুৰাগ কাশ্যপৰ বিৰুদ্ধে এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত কৰিলে অভিনেত্ৰী পায়েল ঘোষে। টুইটাৰত পৰিচালকজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰে অভিনেত্ৰীগৰাকীয়ে।

পাটেল কী পাঞ্জাৱী ছবিৰ লগতে ‘চাথ নিভানা চাথিয়া’ ধাৰাবাহিকৰ অভিনেত্ৰী পায়েলৰ অভিযোগ- অনুৰাগ কাশ্যপে অভিনেত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল। আনকি লাইব্ৰেৰীৰ ভিতৰত অভিনেত্ৰীগৰাকীক জোৰকৈ পৰ্ণ দেখুৱাইছিল অনুৰাগ কাশ্যপে।

টুইটাৰত পায়েলে লিখিছে- ‘অনুৰাগ কাশ্যপে মোক শাৰীৰিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল। @PMOIndia @narendramodi ji দয়া কৰি তেওঁক শাস্তি দিয়ক। সমগ্ৰ দেশে জানক অনুৰাগৰ প্ৰকৃত স্বৰূপ। এই অভিযোগ অনাৰ বাবে এতিয়া মোৰ জীৱনলৈও ভাবুকি আহিছে। দয়া কৰি মোক সহায় কৰক।’

নেশনেল মহিলা কমিশ্যনৰ চেয়াৰপাৰ্চন ৰেখা শৰ্মাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ টুইটৰ ৰিপ্লাইত লিখে যে, ‘ আপুনি সমগ্ৰ ঘটনা বিস্তাৰিত ৰূপত আমাক জনাব পাৰে।’

দক্ষিণৰ ছবিত অভিনয় কৰাৰ পূৰ্বে কেইবছৰমান বলীউদতো কাম কৰিছিল অভিনেত্ৰী পায়েল ঘোষে। এইবাৰ অনুৰাগ কাশ্যপৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰ্বত্ৰ চৰ্চা লাভ কৰিছে।

Source: News18 Assam

You May Also Like

More From Author