ডুমডুমাত শেষকৃত্য সম্পন্ন দুর্ভগীয়া নৱবিবাহিতাৰ স্বামীক গ্রেপ্তাৰ

0 min read

ডুমডুমাৰ ৮নং চুক্রেটিং নিৱাসী কমল লহকৰ আৰু দীপা লহকৰৰ কনিষ্ঠা কন্যা অজন্তা লহকৰৰ যোৱা ৪ অক্টোবৰৰ নিশা প্রায় তিনি বজাত দিল্লীৰ ছফদৰজং এলেকাৰ কৃষ্ণনগৰৰ গলিপথ–৫ৰ ৯৫ চি আপাৰ গ্রাউণ্ড ফ্ল’ৰৰ স্বামীৰ বাসগৃহত ৰহস্যজনকভাৱে মৃত্যু হোৱা খবৰে ইয়াত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰাৰ পৰৱর্তী সময়ত অজন্তাৰ পিতৃয়ে স্বামী পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ কৰি ছফদৰজং এনক্লেভ আৰক্ষী থানাত ৬ অক্টোবৰৰ নিশা এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত ছফদৰজং আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি অজন্তাৰ স্বামী অভিজিৎ ধৰক গ্রেপ্তাৰ কৰে৷ অজন্তাৰ পৰিয়ালে সাংবাদিকৰ আগত অভিযোগ কৰা মতে, অজন্তাৰ স্বামী অভিজিৎ ধৰ আৰু তেওঁৰ মাতৃয়ে পৰিকল্পিতভাৱে তেওঁৰ কন্যাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে৷ কাৰণ ডিঙীত ফাঁচ লগাই আত্মহত্যা কৰা বুলি স্বামী পৰিয়ালে কোৱাৰ বিপৰীতে অজন্তাৰ ডিঙীত কোনো দাগ দেখা নাপালে অজন্তাৰ পিতৃ পৰিয়ালে৷ বৰঞ্চ অজন্তাৰ মুখমণ্ডলকে ধৰি শৰীৰৰ কেইবাঠাইটো আঘাতৰ চিন প্রত্যক্ষ কৰিছে৷ তদুপৰি স্বামী অভিজিৎ ধৰ আৰু তেওঁৰ মাতৃৰ অজন্তাৰ আত্মহত্যা সম্পর্কত ভাষ্যৰ অমিল হোৱাটোৱেও ঘটনাক সন্দেহৰ আৱর্তলৈ লৈ গৈছে৷ স্বামী অভিজিতে অজন্তাই শোৱনি কোঠাত আত্মহত্যা কৰা বুলি কোৱাৰ বিপৰীতে মাকে বাথৰুমতহে আত্মহত্যা কৰা বুলি কোৱা কথাই ঘটনাটো অধিক ৰহস্যময় কৰি তুলিছে৷ ইয়াৰ উপৰি অজন্তাৰ পিতৃ পৰিয়ালৰ অভিযোগ, ঘটনাৰ নিশা ৯.১০ বজালৈ ম’বাইলত হঁাহি–ধেমালিৰে কথা–বতৰা পতা অজন্তাৰ দৰে এগৰাকী সাহসী ছোৱালীয়ে কোনো পৰিস্থিতিতে আত্মহত্যা কৰিব নোৱাৰে৷ তাইক স্বামী অভিজিতে নিচাজাতীয় সামগ্রী খুৱাই বেহুঁচ কৰি হত্যা কৰিছে আৰু পিছত ইয়াক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে৷ সেয়েহে অজন্তাৰ পিতৃ পৰিয়ালে এই ঘটনাটোৰ চি বি আই তদন্ত দাবী কৰিছে৷ ইফালে ৪ অক্টোবৰৰ নিশা মৃত্যু হোৱা অজন্তাৰ মৃতদেহ ৭ অক্টোবৰৰ দিনা দিল্লীত মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক চমজাই দিয়াৰ পিছত আজি মৃতদেহ বিমানযোগে দিল্লীৰ পৰা মোহনবাৰী বিমান বন্দৰলৈ অনা হয় আৰু তাৰ পৰা ডুমডুমাৰ ৮নং চুক্রেটিঙৰ বাসগৃহলৈ লৈ অনা হয়৷ এখন সুন্দৰ সংসাৰ গঢ়াৰ অজুত সপোন মনত লৈ নেদেখাজনক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে পিতৃ–মাতৃৰ পৰা আশীর্বাদ লৈ দেশৰ ৰাজধানী দিল্লীত থকা স্বামীৰ গৃহলৈ যোৱাৰ ১৪ দিনৰ পাছত আজি এটা নশ্বৰদেহ হৈ কফিনৰ ভিতৰত সুমুৱাই আহিল ডুমডুমাৰ জীয়াৰী তথা ইয়াৰ সাংস্কৃতিক ক্ষেত্রখনৰ এগৰাকী নৱাগতা অভিনেত্রী অজন্তাৰ নশ্বৰদেহ দিনৰ ১২.৩০ মান বজাত নিজ গৃহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ মৃতকক শেষ শ্রদ্ধা জনাবলৈ অসংখ্য লোকেৰে বাসগৃহ ভৰি পৰে৷ ইয়াতেই কলিতা জনগোষ্ঠী মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে অজন্তাৰ হত্যাৰ ন্যায় বিচাৰি প্রতিবাদ সাব্যস্ত কৰে৷ অজন্তাৰ স্বামী হত্যাকাৰী অভিজিৎ ধৰক অসমলৈ আনি শাস্তি দিয়াৰ দাবী তোলাৰ লগতে আইনৰ সুৰুঙা লৈ দোষী যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ ইয়াৰ পিছতে অজন্তাৰ মৃতদেহ লৈ প্রতিবাদী সমদল কৰি ডুমডুমা ৰাজহুৱা শ্মশানঘাটলৈ আহে আৰু এক শোকাকুল পৰিৱেশত অজন্তাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ আনহাতে ডুমডুমাৰ অভিনৱ নাট্য মঞ্চৰ (অনাম) এগৰাকী সদস্যা তথা নাট্যকাৰ–পৰিচালক জয়সূর্য বৰাৰ ‘চিনাকি মুখৰ অচিনাকি সংবাদ’ আৰু ‘বুটাম কবিতা আৰু বহু কথা’ নাটকত নায়িকাৰ চৰিত্রত অভিনয় কৰা অভিনেত্রী অজন্তা লহকৰৰ হত্যাকাণ্ডত জডিতসকলৰ ওপৰত উচিত আইনী ব্যৱস্থা লোৱাৰ লগতে নাৰী নির্যাতন বন্ধ কৰিবলৈ দাবী জনাই ডুমডুমা মহিলা সমিতিয়ে তেওঁলোকৰ কার্যালয়ত আজি সন্ধিয়া বন্তি প্রজ্বলন কৰি অজন্তা লহকৰৰ স্বর্গগত আত্মাৰ চিৰশান্তি কামনা কৰে৷

You May Also Like

More From Author