ৰাজ্যত উদ্বেগজনকভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বিহু উদযাপনৰ ক্ষেত্রত এছ অ’ পি প্রস্তুত কৰিছিল যদিও গুৱাহাটী মহনগৰীত পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি বিহু উদযাপন কৰা হ’ব৷ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্রাক্মুহূর্তত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাস শর্মাই৷
Month: April 2021
ক’ৰোনাৰ সংক্রমণ ৰোধৰ ক্ষেত্রত মাইক্র’ কণ্টেইনমেণ্ট জ’ন সৃষ্টি কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সমান্তৰালভাৱে পৰীক্ষা বৃদ্ধিৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্ব দিছে৷ মঙলবাৰে ৰাজ্যত জিলা উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু ক’ভিড–১৯ ব্যৱস্থাপনাৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতেও পর্যালোচনাত এই দিশসমূহত গুৰুত্ব দিয়াৰ লগতে মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক অধিক
ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে ক্রমাৎ অসমৰ পৰিস্থিতি জটিল কৰি তুলিছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ জৰিয়তে সংক্রমণ বৃদ্ধি হোৱাৰ ফলত ব’হাগ বিহুৰ প্রাক্ক্ষণত জনসাধাৰণ আতংকিত হোৱাই নহয়, সংক্রমণ বৃদ্ধিৰ সম্ভাৱনাই স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে৷ উল্লেখ্য যে শনিবাৰে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা আছিল ৪০৫গৰাকী, দেওবাৰে এই সংখ্যা ৩৫২গৰাকী হোৱাৰ বিপৰীতে সোমবাৰে আক্রান্তৰ
১৩ এপ্ৰিল ২০২১: সাংবাদিকৰ সুৰক্ষাৰ বাবে পুনৰ আগবাঢ়ি আহিল ৰাজ্যৰ অন্যতম পুৰণি প্ৰেছ ক্লাব গুৱাহাটী প্ৰেছ ক্লাব। ৰাজ্যত বৰ্তমান কোভিড-১৯ৰ ভয়াৱহতা। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়া কৰোনাৰ দ্বিতীয় ঢৌ।সেয়ে এনে জটিল সময়ত খবৰৰ সন্ধানত নিতৌ ঘূৰি-ফুৰা সাংবাদিক-সংবাদ কৰ্মীৰ মাজত বিতৰণ কৰা হয় N95 মাস্ক আৰু ফেছ শ্বিল্ড। অ’ইল ইণ্ডিয়াৰ
ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰামতে কৰোনাক্ৰান্তক চিকিৎসা কৰিবলৈ গুৱাহাটী মহানগৰীত আছে পৰ্যাপ্ত বিছনা। নিউজ লাইভৰ সৈতে হোৱা বাৰ্তালাপত বিষয়াগৰাকীয়ে জনায় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সংলগ্ন কালাপাহাৰৰ চিকিৎসালয়ত ১৬২খন বিছনা সাজু আছে। “মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত