অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

1 min read

‘অসমত নচলিব বঙালীগিৰি নাইবা অন্য গিৰি ৷ অসমত চলিব কেৱল অসমীয়াগিৰি ৷’’ বঙালী ফেডাৰেশ্বনক হুংকাৰ তিতাবৰ বীৰ লাচিত সেনাৰ ৷ যাৰ বিৰুদ্ধে বুধবাৰে তিতাবৰ চহৰৰ মাজ মজিজাত প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰ শাখাৰ বীৰ লাচিত সেনাই ৷

অসাধু ব্যৱসায়ী গৰাকীক বীৰ লাচিত সেনাই সকিয়নী প্ৰদান কৰাৰ লগতে ৪৮ ঘণ্টাৰ ভিতৰত দখল কৰা দোকান ঘৰ খালী কৰি দিবলৈ দাবী কৰে সংগঠনটোৱে ।

veer lachit sena protest against bengali federation

বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ব্যৱসায়ী গৰাকীক বিভিন্ন ধৰণে সকিয়নীও প্ৰদান কৰিছিল ৷ সবিস্তাৰে সেই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে শৃংখল চলিহাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বেংগলী ফেডাৰেচনে ৷ ইয়াৰ লগতে শৃংখল চলিহাই বঙালী-অসমীয়াৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে বেংগলী ফেডাৰেচনে ৷

veer lachit sena protest against bengali federation

আনকি এই লৈ শৃংখল চলিহাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল বেংগলী ফেডাৰেচনে ৷ শৃংখল চলিহাৰ বিৰুদ্ধে বেংগলী ফেডাৰেচনৰ এনে স্থিতিক কেন্দ্ৰ কৰিয়ে উত্তপ্ত হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ত ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিতাবৰতো বীৰ লাচিত সেনাই বুধবাৰে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷

তিতাবৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী সদস্যসকলে শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ নকৰিলে অসম ৰক্তাক্ত কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনাই । বুধবাৰে তিতাবৰ নগৰৰ মাজমজিয়াত বীৰ লাচিত সেনাৰ তিতাবৰ আঞ্চলিক সমিতিয়ে বেংগলী ফেডাৰেশ্বনৰ সভাপতি দীপক দে আৰু প্ৰদীপ দত্ত ৰায়ৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

বেংগলী ফেডাৰেশ্বন হুচিয়াৰ, দীপক দে মূর্দাবাদ, প্ৰদীপ দত্ত ৰায় হুচীয়াৰ আদি শ্ল’গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰে তিতাবৰ নগৰৰ মাজ মজিয়া । অতি শীঘ্ৰে শৃংখল চলিহাৰ ওপৰত তৰা গোচৰ উঠাই নল’লে বীৰ লাচিত সেনাই সমগ্ৰ অসমতে গণতান্ত্ৰিক ভাৱে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

You May Also Like

More From Author