কিমান সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখাটো উচিত! জানক সবিশেষ

1 min read

এজন সুস্থ মানুহে কিমান সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখাটো উচিত। বয়স অনুসৰি, প্ৰস্ৰাৱ ধৰি কৰাৰ ক্ষমতা বৃদ্ধি হয়। বহুলোকে কেইবা ঘণ্টা কামত ব্যস্ত হৈ থকাত প্ৰস্ৰাৱ ধৰি ৰাখে, কিন্তু সকলোৱে জনাটো উচিত যে ই পিছলৈ অতি মাৰাত্মক হিচাপে প্ৰমাণিত হ’ব পাৰে। অৰ্থাৎ, এজন মানুহে প্ৰস্ৰাৱ ধৰি ৰখাৰ আগতে, এইটো জনা টো অতি গুৰুত্বপূৰ্ণ কিমান ঘণ্টাৰ বাবে প্ৰস্ৰাৱ নকৰাকৈ থকাটো উচিত। প্ৰস্ৰাৱ বন্ধ কৰাৰ ক্ষমতা সকলোৰে আছে কিন্তু ইয়াক ৰখাই থোৱাৰ ফলত বহুটো সমস্যা হ’ব পাৰে।

বেছি সময় প্ৰস্ৰাৱ নকৰাকৈ থাকিলে, প্ৰস্ৰাৱ কাপোৰতে ওলোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়েহে, বেছিভাগ সময় প্ৰস্ৰাৱ ধৰি ৰখাটো শৰীৰৰ বাবে অত্যন্ত বিপদজনক। দৰাচলতে, এই সমস্যাটো বৃদ্ধ লোকসকলৰ ক্ষেত্ৰত বেছিকৈ হয়। যেতিয়া তেওঁলোকে প্ৰস্ৰাৱ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় আৰু নিয়মীয়াকৈ প্ৰস্ৰাৱ ৰখাই থাকে তেওঁলোকৰ ক্ষেত্রত এই সমস্যা বেছিকৈ দেখা দিব পাৰে। দৰাচলতে, নিয়মীয়াকৈ প্ৰস্ৰাৱ বন্ধ কৰি ৰখাৰ ফলত, মূত্ৰাশয় দুৰ্বল হ’ব পাৰে। এইকাৰণেই প্ৰস্ৰাৱ কাপোৰত ওলোৱা বা প্ৰস্ৰাৱ ধৰি ৰখাৰ ক্ষমতা কমি আহিব পাৰে।

ইয়াৰ বাহিৰেও, যদি দীঘলীয়া সময়ৰ বাবে প্ৰস্ৰাৱ ধৰি ৰখা হয় তেন্তে পিছলৈ বৃক্কৰ ক্ষতিও হ’ব পাৰে। কিয়নো প্ৰস্ৰাৱ ধৰি ৰাখিলে বৃক্কৰ ওপৰত চাপ বৃদ্ধি হয়। যিটো ভৱিষ্যতে বৃক্ক সম্পৰ্কীয় গুৰুতৰ ৰোগৰ মূল হ’ব পাৰে। ইয়াৰ উপৰিও, ইউ টি আই (মূত্ৰনলীৰ সংক্ৰমণ) হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। মহিলাসকলৰ ক্ষেত্ৰত ইউ টি আই হৈছে এক সাধাৰণ সমস্যা, যি বহুতো কাৰণত হয়, যাৰ ভিতৰত এটা হৈছে প্ৰস্ৰাৱ বহু সময়লৈ ধৰি ৰখা। সময়মতে প্ৰস্ৰাৱ নকৰিলে বেক্টেৰিয়া বিকশিত হোৱাৰ সুযোগ পায়, যি মূত্ৰাশয়ৰ ভিতৰলৈও যাব পাৰে।

ইপিনে, সৰু শিশুবোৰৰ মূত্ৰাশয়ে ১-২ ঘণ্টাৰ বাবে প্ৰস্ৰাৱ ধৰি ৰাখিব পাৰে। একে সময়তে, যেতিয়া তেওঁলোক অলপ বয়সত ডাঙৰ হয়, তেওঁলোকৰ প্ৰস্ৰাৱ ধৰি ৰখাৰ ক্ষমতা ২-৪ ঘণ্টালৈ বৃদ্ধি হয়। ইয়াৰ বাহিৰেও, এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে সৰ্বাধিক ৬-৮ ঘণ্টা প্ৰস্ৰাৱ ধৰি ৰাখিব পাৰে।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।

You May Also Like

More From Author