মৰিগাঁৱত প্ৰতিবাদ জনালে জিলাখনৰ কেবাটাও তিৱা সংগঠনে

0 min read

ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনাই মৰিগাঁৱত প্ৰতিবাদত বহিল জিলাখনৰ কেবাটাও তিৱা সংগঠন ৷ মৰিগাঁও সদৰ বিহুতলিত অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণত মৰিগাঁও জিলাত ২ টা আৰু নগাঁও জিলাত ১ টা বিধানসভা সমষ্টিৰ আসন জনজাতিৰ বাবে সংৰক্ষণ কৰা, তিৱা স্বায়ত্তপৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

ইয়াৰ উপৰিও আন কেইবা দফীয়া দাবীৰে সোমবাৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, ঐতিহাসিক তিৱা ৰাজদৰবাৰ আদি সংগঠনসমূহে ২ ঘন্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে । যদিহে চৰকাৰে শীঘ্ৰে প্ৰতিবাদকাৰীৰ দাবী পূৰণ নকৰে তেনেহ’লে মধ্য অসম জ্বলিব বুলিও সংবাদ মাধ্যমৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী সংগঠনসমূহে ।

You May Also Like

More From Author