Month: April 2023

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

আই কনকলতা মহিলা তীৰ্থ”ৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন,বৈঠক দ্বি মাসিক কৰাৰ সিদ্ধান্ত

নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিলসদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন “আই কনকলতা মহিলা তীৰ্থ”ৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখনি দেওবাৰে নগাঁও আমোলাপট্টিস্থিত চন্দ্ৰজ্যোতি সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। নগাঁও জিলা আই কনকলতা মহিলা তীৰ্থৰ সভানেত্ৰী তথা সুলেখিকা অমিয়া গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকী বক্তাই মহাপুৰুষ জনাৰ নাতি আই কনকলতাৰ আদৰ্শেৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সংকল্প

নগাঁৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

নগাঁৱত শংখ ধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ “দ্বিতীয় বুদ্ধ” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৯এপ্ৰিল:–নগাঁও প্ৰেছ ক্লাবত দেওবাৰে শঙ্খধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ ”দ্বিতীয় বুদ্ধ” উন্মোচন কৰা হয় ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী উদয় থুলুঙৰ নেপালী ভাষাৰ নিৰ্বাচিত কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি শঙ্খধ্বনি হাজৰিকা ভৰালীয়ে এই গ্ৰন্থখন ৰচনা কৰিছে । বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বাবে সাজু নলবাৰীৰ ৩০০ বিহুৱা-বিহুৱতী

বিহুৰে বিশ্ব অভিলেখ গঢ়াৰ বৰ্ণাঢ্য অনুষ্ঠানৰ বাবে সাজু নলবাৰীৰ ৩০০ বিহুৱা-বিহুৱতী

বিশ্ব অভিলেখ গঢ়িব বিহুৱে। সেয়ে নলবাৰীও হৈছে সাজু। মেগা বিহুৰ অনুষ্ঠানত ৩০০ ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য, গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে ১০০০০তকৈও অধিক বিহুৱা-বিহুৱতীয়ে বিহুনাচেৰে বিশ্ব অভিলেখৰ গঢ়িব। সৰুসজাইৰ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া ঢুলীয়া নাচনীসকলৰ এক মেগা অনুষ্ঠান নলবাৰীৰ গৰ্ডন খেলপথাৰত হৈ যায়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী!

বিশ্ব অভিলেখ সৃষ্টিৰ অনুষ্ঠানৰ বাবে সাজু কামৰূপ মহানগৰৰ বিহুৱা-বিহুৱতী!

গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অসমৰ বিহু নাচক স্থান দিয়াৰ অৰ্থে অসম চৰকাৰৰ উদ্যোগত ১৪ এপ্ৰিলত হ’বলগীয়া বিহু নাচ প্ৰদৰ্শনত অংশগ্ৰহণ কৰিবলগীয়া কামৰূপ মহানগৰ জিলাৰ বিহুৱা-বিহুৱতীসকলে আজি বিয়লি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গনত বিহু নাচ প্ৰদৰ্শন কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ সন্মুখৰ মুকলি স্থানত জিলাখনৰ আঠশ বিহুৱা-বিহুৱতীয়ে বিহু নাচত অংশগ্ৰহণ

শিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা

শিৱসাগৰ কলেজ খেলপথাৰত ৮৫০ গৰাকী নাচনীৰ অন্তিম আখৰা

১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্যৰে সৰুসজাইত প্ৰদৰ্শন কৰা হ’ব বিহু নাচ । এই উপলক্ষে বিগত কিছুদিনৰ পৰা জিলা পৰ্যায়ত চলি থকা বিহু নাচৰ আখৰাৰ আজি অন্তিম দিনা শিৱসাগৰ জিলাৰ ৮৫০ গৰাকী নাচনীয়ে আখৰা কৰিছে । শিৱসাগৰ কলেজ খেলপথাৰত কৰা অন্তিম আখৰা পৰিদৰ্শন কৰে কৃষি মন্ত্ৰী অতুল বৰা,