মহ খেদা কইলৰ ধোঁৱা ১০০ টা চিগাৰেটতকৈ বেছি বিপদজনক! হ’ব পাৰে এই গুৰুতৰ ৰোগ

1 min read

গ্ৰীষ্ম অহাৰ লগে লগে ঘৰবোৰত মহৰ প্ৰকোপ বৃদ্ধি পায়। আমি যিমানেই খিৰিকী-দুৱাৰ বন্ধ কৰি নাৰাখোঁ কিয়, কিন্তু তথাপিও মহে ঘৰবোৰত সোমাই, কামুৰি মানুহৰ জীৱন অশান্তিকৰ কৰি তোলে। কিছুমানে ইয়াৰ পৰা আঁতৰি থাকিবলৈ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিলেও কিছুমানে কইল জ্বলাই ইয়াৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰে। কিন্তু আপুনি জানেনে যে এই কইলৰ কুণ্ডলীটোৱে আপোনাৰ জীৱনটোক নৰক কৰি তুলিব পাৰে আৰু বহুতো ৰোগ সৃষ্টি কৰিব পাৰে।

আচলতে বহুতে ঘৰৰ ভিতৰত কইল জ্বলাই ৰাখে। কইল জ্বলিলে নিৰ্গত হোৱা ধোঁৱাই কোঠাটোৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ বা চি অ’ পি ডিৰ সৃষ্টি কৰিব পাৰে। এক অধ্যয়নৰ মতে, যদি কোনো ব্যক্তিয়ে কইলৰ ধোঁৱা উশাহ লয়, তেন্তে ই ১০০টা চিগাৰেট খোৱাৰ সমতুল্য হ’ব পাৰে। কেৱল এয়াই নহয়, পূজা-পাতলত ব্যৱহাৰ কৰা ধূপডালৰ ধোঁৱা ৫০টা চিগাৰেট খোৱাৰ সমতুল্য।

মুম্বাই পৌৰ নিগমে প্ৰকাশ কৰা কিছু তথ্য অনুসৰি হাওঁফাওঁৰ প্ৰদাহজনিত ৰোগ ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ বা চি অ’ পি ডিৰ বাবে মুম্বাইত প্ৰতিদিনে কমেও ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। এই অৱস্থা কেৱল মুম্বাইৰ নহয়, ভাৰতৰ বহু ঠাইত বহু লোক এই ৰোগত আক্ৰান্ত হৈ আছে। ব্ৰিটিছ মেডিকেল জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত অনুমান কৰা হৈছে যে ২০১৯ চনত ভাৰতত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে ৯৮ শতাংশ লোকে চি অ’ পি ডিৰ দ্বাৰা প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে পুৰণি কইল আৰু ষ্টিকবোৰ আগতে পাইৰেথ্ৰাম পেষ্টৰ পৰা প্ৰস্তুত কৰা হৈছিল। আনহাতে আজিৰ মহৰ কুণ্ডলীত পাইৰেথ্ৰইড কীটনাশক দ্ৰব্য ৰখা হয় বা চাইট্ৰনেলাৰ দৰে উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয়। ছিডনী বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি কীটনাশক যুক্ত মহৰ কইল জ্বলাই দিলে মেলেৰিয়াৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰি বা মহৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি বুলি কোনো প্ৰমাণ পোৱা নাই।

You May Also Like

More From Author