চাহ অথবা কফি , কোনটো শৰীৰৰ কাৰণে বেছি ভাল ? জানিবলৈ পঢ়ক –

0 min read

ৰাতিপুৱা হওঁক বা গধূলি হওঁক একাপ চাহে আমাক যেন সজীৱ কৰি তোলে । বিশেষকৈ পুৱাৰ এই চাহকাপত সোমাই থাকে দিনটোৰ কৰ্মব্যস্ত জীৱনৰ অন্য এক মাদকতা ।

বৰ্তমান এই চাহৰ স্থান যেন কফিয়ে দখল কৰিছে । এইখিনিতে প্ৰশ্ন উঠে যে , চাহ আৰু কফিৰ মাজত পাৰ্থক্য কি আৰু কোনোটো শৰীৰৰ কাৰণে বেছি ভাল ?

চাহ ও কফি জাতীয় পানীয় প্ৰতিদিনে ডায়েটত যোগ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । বিশেষকৈ ইয়াত থকা কাফেইনে আমাৰ শৰীৰত অভূতপূৰ্ব শক্তি যোগান ধৰে ।

প্ৰাপ্ত তথ্য মতে একাপ কফিত ৮০ ৰ পৰা ১১৫ মিলিগ্ৰাম কাফেইন থাকে । একেদৰে একাপ চাহত ১০ ৰ পৰা ১৫ মিলিগ্ৰাম কাফেইন পোৱা যায় ।

চাহ আৰু কফিৰ মাজত থকা আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে , টোপনিৰ ক্ষেত্ৰত এই দুই পানীয়ৰ বেলেগ প্ৰভাৱ আছে । গৱেষণাত এইকথা প্ৰমাণ হৈছে যে , সমপৰিমাণত চাহ আৰু কফি খোৱা এজন ব্যক্তিয়ে দিনৰ সময়ছোৱাত সমপৰিমাণত শক্তি থাকে যদিও কফি পান কৰা ব্যক্তিৰ নিশাৰ ভাগত টোপনি কম হোৱা দেখা যায় ।

অৰ্থাৎ কফি পান কৰা ব্যক্তি নিদ্ৰাহীনতাত ভোগা দেখা যায় । গৱেষকৰ মতে ইয়াৰ কাৰণে দায়ী কফিত থকা অত্যাধিক কাফেইন ।
ইয়াৰোপৰি এই দুয়োবিধ পানীয়ই শৰীৰত অধিক শক্তি যোগান ধৰে যদিও মস্তিষ্কৰ কাৰণে কফিতকৈ চাহ বেছি কাৰ্যকৰী ।
ইফালে চাহ অথবা কফি দুয়োবিধেই দাঁতৰ কাৰণে ক্ষতিকাৰক ।

কিন্তু দন্ত চিকিৎসকৰ মতে দাঁতৰ কাৰণে কফি বেছি ক্ষতিকাৰক নহয় । চাহে আকৌ দাঁতৰ এনামেলৰ ক্ষতি কম কৰাৰ লগতে ক্ষতিৰ পৰিমাণো কম কৰে ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও কোনোটো পানীয় অত্যাধিক সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে উপকাৰী নহয় ।

You May Also Like

More From Author