বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্রবেগী আলট্ৰা বাছৰ খুন্দাত নিহত দুই বাইক আৰোহী

1 min read

বৰপেটাৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে পুৱা ৯:৩০ মান বজাত বি এইছ কলেজৰ সমীপৰ ১০মাইলত তীব্রবেগী আলট্ৰা বাছে মহতিয়াই নিয়ে দুই বাইক আৰোহীক৷ পুৱা বৰপেটাৰোডৰ পৰা গুৱাহাটী অভিমুখী AS14 AC 0315 নম্বৰৰ কৰণ দ্বীপ নামৰ আলট্ৰা বাছখনে AS15 V 9739 নম্বৰৰ PULSAR-NS বাইকখনক মহতিয়াই বহু দূৰলৈ লৈ যায়। দুৰ্ঘটনাত দুয়োজন যুৱকৰ মুখমণ্ডল সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে থিতাতে দুয়োজনৰ মৃত্যু হয়। নিহত দুই যুৱকৰ নাম ক্ৰমে- মনোৱাৰ আলী আৰু আবেদ আলী। মৃত যুৱক দুজনৰ ঘৰ চেগুলিয়া আৰু বগৰাপাৰত বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত শিমলাগুৰী আৰক্ষী উপস্থিত ঘটনাৰ তদন্ত আৰম্ভ কৰে।

You May Also Like

More From Author