মণিপুৰৰ বীভৎস্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ

0 min read

মণিপুৰত সংঘটিত হোৱা বীভৎস্য যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে মে’ত সংঘটিত হোৱা এই হত্যাকাণ্ড আৰু যৌন নিৰ্যাতনৰ ঘটনাৰ গোচৰ ১৮ মে’ৰ দিনা ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাছিল। আনকি এই অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ বাবে মণিপুৰ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। যোৱা ১৯ জুলাই তাৰিখে যেতিয়া সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে তেতিয়াহে আৰক্ষীয়ে এই জঘন্য ঘটনা সংঘটিত কৰা অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰে।
এই ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত এজন অভিযুক্তক সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু সেনাই। তাৰপিছত আৰু ছয় জনক গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়া খবৰ অনুসৰি মঙলবাৰে মণিপুৰৰ থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সপ্তমজন অভিযুক্তক।
আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা এই সাত অভিযুক্তৰ ভিতৰত এজন নাবালকো আছে।

You May Also Like

More From Author