বন্ধুৰ সৈতে পত্নীক সহবাসৰ নিৰ্দেশ স্বামীৰ, মান্তি নোহোৱা বাবে স্বামীয়ে কৰিলে ভাবিব নোৱাৰা কাণ্ড

0 min read

পত্নীক বন্ধুৰে সহবাসৰ আজৱ দাবী, অন্যথা তালাক। এইখন অসমতে সংঘটিত হৈছে এনে আজৱ কাণ্ড। বন্ধুৰে সহবাসৰ আজৱ দাবী মানি নোলোৱাৰ বাবেই আইন বিৰুদ্ধ তিনি তালাকাৰ বলি হ’ল সুদুৰ গুজৰাটৰ পৰা অসমলৈ বিয়া হৈ অহা এগৰাকী মহিলা। উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো পুনৰ তিনি তালাকৰ বলি হৈ দিকবিদিক হেৰুৱাইছে গুজৰাটৰ জীয়াৰীগৰাকীয়ে। আনকি আৰক্ষীৰ কাষ চাপিও মহিলাগৰাকীয়ে অদ্যপি সদুত্তৰ পোৱা নাই।

স্বামীৰ আজৱ দাবী নমনাৰ বাবে তিনি তালাক তথা বিবাহ বিচ্ছেদৰ এই ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ লালুকত। লালুক যুৱনগৰ আব্দুল বাছাৰ নামৰ এজন লোকলৈ ২০১৪ চনতে সম্পূৰ্ণ মুছলমান সমাজৰ সম্পুৰ্ণ ৰীতি–নীতিৰে এগৰাকী গুজৰাটৰ জীয়ৰী বিবাহ পাশত আৱদ্ধ হৈছিল।

বিয়াৰ দুবছৰ পাছলৈকে সকলো ঠিকেই আছিল। কিন্তু তাৰ পাছতে আব্দুল বাচাৰে পত্নীক বন্ধুৰ সৈতে সহবাস কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল৷ ইয়াৰ উপৰি আব্দুৰ বাচাৰে ছয় লাখ টকাৰ যৌতুক বিচাৰি পত্নীক শাৰীৰিক অত্যাচাৰো কৰি আহিছিল।

বন্ধুৰে সহবাসৰ স্বামীৰ আজৱ দাবী দীৰ্ঘদিন ধৰি নমনাৰ বাবে, আব্দুৰ বাছাৰে প্ৰায় ছমাহ পূৰ্বে পত্নীক তিনি তালাক দিয়ে। গুজৰাটৰ জীয়াৰী গৰাকীক, তিনি তালাক দি ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত অসহায় হৈ পৰিছে মহিলাগৰাকী।

যোৱা প্ৰায় ছমাহ ধৰি ন্যায় বিচাৰি মহিলাগৰাকী বহুবাৰ লখিমপুৰৰ আৰক্ষীৰ কাষ চাপিছে। শেহতীয়াকৈ মহিলাগৰাকীয়ে লালুক থানাত গোচৰ ৰুজু কৰিছে। আইনৰ বিৰুদ্ধে তিনি তালাকাৰে কেনেদৰে বিবাহ বিচ্ছেদ দিলে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।

You May Also Like

More From Author