পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

1 min read

পৃথক বৰাক গঠনৰ দাবীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ৷ শুকুৰবাৰে শিলচৰৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত পৃথক বৰাক গঠনৰ দাবীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷

মুখ্যমন্ত্ৰীয়ে কয় যে পৃথক বৰাক হ’ব নে নাই ইয়াৰ সিদ্ধান্ত ল’ব বৰাকবাসীয়ে৷ যদি বৰাকবাসীয়ে পৃথক বৰাক বিচাৰে তেন্তে আমি বিৰোধিতা নকৰোঁ৷ আমি ইয়াত আপত্তি কৰিব লগা একো নাই৷ এই সিদ্ধান্ত বৰাকৰ ৰাইজে ল’ব৷ মুখ্যমন্ত্ৰী হিচাপে মই একলগে থকাটো বিচাৰোঁ৷ যদি কোনোবাই পৃথক হ’ব বিচাৰে তেন্তে তেওঁ প্ৰথমে বৰাকবাসীৰ সন্মতি ল’ব লাগিব৷ যদি বৰাকবাসীয়ে পৃথক বৰাকৰ দাবী কৰে তেন্তে এই বিষয়ে আমি আলোচনা কৰিম৷ কিন্তু দুই-এজন বামপন্থীয়ে দাবী কৰিলে গঠন নহয় পৃথক বৰাক৷

You May Also Like

More From Author