কৰ্মস্থানত সৃষ্টি হোৱা মানসিক চাপ কমাবলৈ এইখিনি কৰক

1 min read

যিকোনো ধৰণৰ কৰ্মস্থলীতে বিভিন্ন ধৰণৰ মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়৷ কেতিয়াবা কামত নিপুণতা দেখুৱালেও অফিচ পলিটিক্স আদিৰ বাবে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়৷

মানসিক চাপৰ পৰা মুক্ত হোৱাৰ উপায়ঃ –

১.মন সদায় শান্ত কৰি ৰাখিব লাগে৷ মনৰ প্ৰশান্তিৰ বাবে নিয়মীয়াকৈ মেডিটেশ্বন কৰাটো প্ৰয়োজন৷ প্ৰতিদিনে অফিচৰ পৰা ঘূৰি অহাৰ পাছত কমেও ১৫মিনিট মেডিটেশ্বন কৰিলে মন শান্ত হয়৷ মন যদি আনন্দেৰে ভৰি থাকে তেতিয়া সহজে কোনো নেতিবাচক প্ৰভাৱ মনৰ ওপৰত পৰিব নোৱাৰে৷

২.কি কি কাৰণত মানসিক চাপ সৃষ্টি হয,সেই সম্পৰ্কে লিপিবদ্ধ কৰক৷ মানসিক চাপ সৃষ্টি সম্পৰ্কত স্পষ্ট ধাৰণা হ’লে নিজকে সেই ধৰণৰ সমস্যাৰ সৈতে খাপ খুৱাই ল’বলৈ চেষ্টা কৰিব লাগে৷

৩.মানসিক চাপ নিয়ন্ত্ৰণত থাকিলে যিকোনো কাম কৰি আনন্দ লাভ কৰিব পাৰি৷ যিকোনো ধৰণৰ চাকৰি কৰিলেও মন বা শৰীৰৰ ক্ষতি হোৱা ধৰণৰ পৰিৱেশ সৃষ্টি হ’লে তেনে কৰ্মৰ পৰা আঁতৰি আহি বিকল্পৰ সন্ধান কৰা উচিত৷ যিহেতুকে মন পছন্দৰ কাম নহ’লে সেই কামৰ পৰা শৰীৰ আৰু মনত বিৰূপ প্ৰভাৱ পৰে৷

৪.প্ৰয়োজনত শীৰ্ষ কৰ্মকৰ্তাৰ সৈতে মুকলিকৈ সমস্যাবোৰৰ কথা আলোচনা কৰক৷ দিনটোৰ আঠ-দহঘণ্টা সময় যিটো পৰিৱেশত কটোৱা হয় সেই পৰিৱেশ অনকুল নহ’লে নিজৰ বাবে বিপদৰ কাৰণ হৈ উঠিব পাৰে৷ তদুপৰি সহকৰ্মী বা টীম লিডাৰক সহযোগিতা আগবঢ়োৰ চেষ্টা কৰিব লাগে৷

৫.কেতিয়াবা কাৰ্যালয়ৰ পৰিৱৰ্তে ঘৰৰ পৰা কাম কৰাৰ সুযোগ পায় তেতিয়াও মানসিক চাপ হ্ৰাস পায়৷

৬.অনেক গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে মন পছন্দৰ কামত ব্ৰতী হ’লে মানসিক চাপ সৃষ্টি নহয়৷ সেইবাবে যিকোনো ধৰণৰ সংস্থাপন বাছি লোৱাৰ আগতে সেই কামৰ পৰা পোৱা আনন্দৰ বিষয়ে এটা ধাৰণা কৰা উচিত৷

You May Also Like

More From Author