মাংস-মাছ ত্যাগ কৰি নিৰামিষভোজী কিয় হ’ল অমিতাভ বচ্চন…

1 min read

অমিতাভ বচ্চনে মাংস-মাছ ত্যাগ কৰি নিৰামিষভোজী কিয় হ’ল? বিগ বিয়ে নিজৰ খাদ্যাভ্যাসৰ বিষয়ে প্ৰকাশ কৰিলে। বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনে কৌন বনেগা কোটিপতি-১৫ৰ খণ্ডটোত নিজৰ খাদ্যাভ্যাস সন্দৰ্ভত কিছু আমোদজনক প্ৰকাশ কৰিছে। কেবিচিৰ এটা খণ্ডত অমিতাভ বচ্চনে কয় যে তেওঁৰ পত্নী জয়া বচ্চনে মাছ খাই ভাল পায়। যেতিয়া প্ৰতিযোগীয়ে তেওঁক সুধিলে যে তেওঁও মাছ খায় নেকি? তেতিয়া বিগ বিয়ে ক’লে যে মই এই সকলোবোৰ খাদ্য ত্যাগ কৰিছো। আগতে খাইছিলোঁ, কিন্তু এতিয়া স্বাস্থ্যজনিত কাৰণত নন-ভেজ, মিঠাই, ভাত আৰু পান খোৱা বন্ধ কৰি দিছো।

আনহাতে এটা খণ্ডত অমিতাভ বচ্চনে তেওঁৰ আটাইতকৈ বেয়া পোৱা শাক-পাচলিৰ বিষয়ে মুকলিকৈ ক’লে। বিগ বিয়ে ক’লে যে তেওঁ কঁঠাল, তিতা আৰু লাউ ভাল নাপায়। গুজৰাটী ব্যঞ্জন দূধ পাকক লৈ যেতিয়া এটা প্ৰশ্ন আহিছিল, তেতিয়া অমিতাভ বচ্চনে উত্তৰ দিছিল যে তেওঁও দূধ পাক খাই ভাল পায়। তেওঁ ক’লে যে দূধ পাকৰ মিঠা সোৱাদ বহুদিন জিভাত থাকে। ইয়াক গাখীৰ আৰু ভাত দি তৈয়াৰ কৰা হয় যদিও এই খাদ্যত চাউলৰ ব্যৱহাৰ কম।

You May Also Like

More From Author