চেনীৰ পৰিৱৰ্তে আমি কিয় গুড় খোৱা উচিত ? গুড় চেনীৰ পৰিপূৰক হয়নে

1 min read

নিজকে সুস্থ ৰাখিবলৈ বহুতেই চেনীৰ পৰিৱৰ্তে গুড় খোৱা দেখা যায় । কিন্তু গুড় কেতিয়াও চেনীৰ পৰিপূৰক নহয় । এইকথা অৱশ্যে আমি কোৱা নাই । এইকথা কৈছে পুষ্টিবিদে ।

এই দুয়োবিধ মিঠাৰ ক্ষেত্ৰত যদিও গুণগত পাৰ্থক্য আছে তথাপি ই চেনীৰ পৰিপূৰক হ’ব নোৱাৰে । এই সন্দৰ্ভত পুষ্টিবিদে কৈছে যে, চেনীৰ পৰিৱৰ্তে গুড়ত আছে কেলৰিৰ সমান্তৰালকৈ আয়ৰণ, ফাইবাৰ আৰু খনিজ পদাৰ্থ ।

যি আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে । চেনীয়ে কিন্তু দেহত অকল। কেলৰিৰ যোগান ধৰে । গুড় খোৱাৰ ক্ষেত্ৰত পুষ্টিবিদে কৈছে যে —-

১/ গুড় চেনীৰ প্ৰতিস্থাপন নহয় । বহুতেই ভাবে চেনীৰ পৰিৱৰ্তে ঘৰত তৈয়াৰ কৰা মিঠাইত গুড় দিলে বেছি স্বাস্থ্যকৰ হয় । কিন্তু এই ধাৰণা সম্পূৰ্ণ শুদ্ধ নহয় ।

২/ সাধাৰণতে আমাৰ সমাজত গুড় তথা চেনীৰ ব্যৱহাৰ ঋতুৰ ওপৰত ভিত্তি কৰি কৰা হয় । আচলতে আপোনাৰ খাদ্যভ্যাসৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি গুড় খাবনে চেনী ?

৩/ বেছিভাগ লোকেই শীতকালত গুড় আৰু গ্ৰীষ্মকালত চেনী খায় ।

৪/ ঘৰত তৈয়াৰ কৰা বিভিন্ন মিঠাই ,পায়স আদি তৈয়াৰ কৰিবলৈ বহুতে চেনীৰ পৰিৱৰ্তে গুড় ব্যৱহাৰ কৰে ।

৫/ গৰমৰ দিনত আমি বিভিন্ন চৰ্বত , চাহ-কফি আদি তৈয়াৰ কৰিবলৈ চেনীৰ ব্যৱহাৰ কৰো । গতিকে গুড়ে স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত বেছি ফলপ্ৰসূ বুলি ভবা ধাৰণা ভুল । অৰ্থাৎ গুড় বা চেনীৰ ব্যৱহাৰ সম্পূৰ্ণ ব্যক্তিজনৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে ।

You May Also Like

More From Author